অতিথিক স্পর্শ কৰাত বিবাহ অনুষ্ঠানত ৱেটাৰক হত্যা

বিশেষ বাৰ্তা, ৮ ডিচেম্বৰ : উত্তৰ প্রদেশৰ গাজিয়াবাদৰ এক বিবাহ অনুষ্ঠানত সাধাৰণ কাৰণতে ৱেটাৰক প্রহাৰ কৰি হত্যা কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ গাজিয়াবাদৰ এটা অতিথিশালাত খাদ্য খোৱা প্লেট কঢ়িয়াই আছিল ২৬ বছৰীয়া যুৱকজনে৷ তেতিয়াই এজন অতিথিক স্পর্শ কৰে যুৱকজনে৷ এই অপৰাধতে এদল অতিথিয়ে নৃশংসভাৱে প্রহাৰ কৰি যুৱকজনক হত্যা কৰে৷ উল্লেখনীয় যে কেটাৰিং ছার্ভিচ কোম্পানীত কাম কৰা পংকজ নামৰ যুৱকজনৰ মৃতদেহ পাছত সমীপৱর্তী অৰণ্যত পেলাই দিয়া হয়৷ যুৱকজনৰ মাতৃৰ অভিযোগৰ ভিত্তিত চাৰিজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

Featured