হেলিকপ্টাৰেৰে হলীউড ষ্টাইলত খেলপথাৰত প্রৱেশ ৱার্নাৰৰ

বিশেষ বাৰ্তা, ১২ জানুৱাৰী : আকাশৰ পৰা হেলিকপ্টাৰেৰে হলীউড ষ্টাইলত খেলপথাৰত প্রৱেশ কৰিলে অষ্ট্রেলিয়াৰ প্রাক্তন বিস্ফোৰক বেটাৰ ডেভিদ ৱার্নাৰে৷ শেহতীয়াকৈ টেষ্ট আৰু এদিনীয়া ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰা ৱার্নাৰে বিগ বাছ লীগৰ আজি ছিডনী ছিক্সার্ছৰ বিপক্ষে খেলা মেচখনত অংশ ল’বলৈ হেলিকপ্টাৰেৰে ছিডনী ক্রিকেট গ্রাউণ্ডত প্রৱেশ কৰে৷ প্রতিযোগিতাখনত ছিডনী থাণ্ডাৰক প্রতিনিধিত্ব কৰা ৱার্নাৰে ভাতৃৰ বিয়াৰ অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ হাণ্টাৰভেলীলৈ গৈছিল৷ খেল আৰম্ভ হোৱাৰ আগতেই তেওঁক ছিডনীলৈ অনাৰ বাবে এখন হেলিকপ্টাৰৰ ব্যৱস্থা কৰা হৈছিল৷ বিপক্ষ দলটোৱে খেলপথাৰত প্রৱেশ কৰাৰ পূর্বেই ছিডনী ক্রিকেট গ্রাউণ্ডত উপস্থিত হয় ৱার্নাৰৰ হেলিকপ্টাৰখন৷ ৱার্নাৰে হেলিকপ্টাৰেৰে খেলপথাৰলৈ অহাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰে৷ মন কৰিবলগীয়া যে ক্রিকেটত এতিয়ালৈকে এনে ঘটনা সংঘটিত হোৱা নাছিল৷ এইক্ষেত্রত ৱার্নাৰ ব্যতিক্রমী৷ বিগ বাছ লীগত ৩৭ বছৰীয়া ৱার্নাৰে তিনিখন মেচ খেলিব৷ ইয়াৰ পিছতে অষ্ট্রেলিয়াৰ ক্রিকেটাৰগৰাকীয়ে ডুবাই টি–২০ লীগত খেলিব আৰু প্রতিযোগিতাখনত ডুবাই কেপিটেলছক নেতৃত্ব দিব৷ ফেব্রুৱাৰী মাহত পুনৰ অষ্ট্রেলিয়াৰ জার্ছীত দেখা পোৱাৰ সম্ভাৱনা আছে ৱার্নাৰক৷ ৯–১৩ ফেব্রুৱাৰীলৈ ৱেষ্ট ইণ্ডিজৰে টি–২০ শৃংখলা খেলিব আৰু উক্ত শৃংখলাটোত অষ্ট্রেলিয়া দলটোত স্থান লাভ কৰাৰ সম্ভাৱনা আছে বিস্ফোৰক অ’পেনাৰগৰাকীৰ৷

Featured