বিশ্বজুৰি বিক্রী বন্ধ ভাৰতত প্রস্তুত কৰা ক’ভিশ্বিল্ডৰ

🔹 ক’ভিড ভেকচিনৰ পার্শ্বক্রিয়াক লৈ বৃদ্ধি  পাইছে আতংক

বিশেষ বাৰ্তা, ৯ মে’ : ভয়ংকৰ পার্শ্বক্রিয়াৰ কথা স্বীকাৰ কৰি লোৱাৰ পিছত দৰব প্রস্তুতকাৰী সংস্থা এষ্ট্রাজেনেকাৰ ক’ভিড ভেকচিনক লৈ বিশ্বজুৰি সৃষ্টি হৈছিল আতংকময় পৰিৱেশ৷ এনে পৰিস্থিতিৰ মাজতে এইবাৰ এষ্ট্রাজেনেকাই প্রস্তুত কৰা সকলো ক’ভিড ভেকচিন বজাৰৰ পৰা প্রত্যাহাৰ কৰা হৈছে৷ এই তালিকাত আছে ভাৰতৰ ক’ভিশ্বিল্ড ভেকচিনো৷ ভাৰতৰ ৰাষ্ট্রীয় সংবাদ পত্র ‘দ্য টেলিগ্রাফ’ৰ তৰফৰ পৰা দাবী কৰা অনুসৰি সমগ্র বিশ্বৰ বজাৰৰ পৰা এষ্ট্রাজেনেকাই প্রস্তুত কৰা ‘ভেক্সজেভাৰিয়া’ আৰু ‘ক’ভিশ্বিল্ড’সহ অন্যান্য কেইবাটাও ভেকচিন বজাৰৰ পৰা ঘূৰাই লোৱাৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ লক্ষণীয়ভাৱে ক’ভিড ভেকচিনৰ পার্শ্বক্রিয়াৰ কথা স্বীকাৰ কৰিলেও বজাৰৰ পৰা এই ভেকচিনবিধ প্রত্যাহাৰ কৰাৰ অন্তৰালত অন্য কাৰণ দেখুৱাইছে এষ্ট্রাজেনেকাই৷ দৰব প্রস্তুতকাৰক সংস্থাটোৰ তৰফৰ পৰা দাবী কৰা অনুসৰি বিশ্বৰ বজাৰত বর্তমান ইয়াৰ চাহিদা কমি যোৱাৰ বাবে সম্পূর্ণ বাণিজ্যিক কাৰণত বজাৰৰ পৰা এই ভেকচিন প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ সৈতে ভেকচিনৰ পার্শ্বক্রিয়াৰ কোনো সম্পর্ক নাই বুলি দাবী কৰিছে এষ্ট্রাজেনেকাই৷ সূত্রই সদৰী কৰা অনুসৰি, বজাৰৰ পৰা এই ভেকচিন প্রত্যাহাৰ কৰাৰ বাবে এষ্ট্রাজেনেকাৰ তৰফৰ পৰা ৫ মে’ত আবেদন জনোৱা হৈছিল৷ ইয়াৰ পিছত ৭ মে’ৰ পৰা সেই প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ লক্ষণীয়ভাৱে ৭ মে’ৰ পৰাই ইউৰোপত ক’ভিড ভেকচিনৰ বজাৰত অনুমোদনো প্রত্যাহাৰ কৰিছে এষ্ট্রাজেনেকাই৷ কিছুদিন পূর্বে ব্রিটেইনৰ আদালতত এই ভেকচিনৰ ভয়াৱহতাৰ কথা স্বীকাৰ কৰিছিল দৰব প্রস্তুতকাৰী সংস্থা এষ্ট্রাজেনেকাই৷ ইয়াৰ পিছতেই বিশ্বজুৰি সৃষ্টি হয় হাহাকাৰ৷ আদালতত দাখিল কৰা প্রতিবেদনত সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছিল যে এষ্ট্রাজেনেকাৰ ভেকচিনৰ বাবে টিটিএছৰ দৰে বিৰল ৰোগ হ’ব পাৰে৷ বিশেষকৈ শৰীৰত তেজ গোট মৰা এই বিৰল ৰোগৰ বাবে বহু লোকৰ প্রাণহানি হ’ব পাৰে বুলিও উল্লেখ কৰা হৈছিল৷ লক্ষণীয়ভাৱে কি কাৰণত এয়া হৈছে, সেই বিষয়ত বিশেষজ্ঞসকলৰ পৰীক্ষা–নিৰীক্ষাৰ প্রয়োজন থকা বুলিও এষ্ট্রাজেনেকাই আদালতক জনাইছিল৷ অৱশ্যে এই পার্শ্বক্রিয়াৰ হাৰ যথেষ্ট কম বুলি দাবী কৰিছিল সংস্থাটোৱে৷ টিটিএছৰ ফলত শৰীৰৰ বিভিন্ন স্থানত তেজ গোট মৰাৰ উপৰি তেজত থকা অনুচক্রিকাৰ মাত্রা হ্রাস পাব পাৰে বুলিও আশংকা কৰা হৈছিল৷ এষ্ট্রাজেনেকাই আদালতত ভেকচিনবিধৰ পার্শ্বক্রিয়াৰ কথা স্বীকাৰ কৰি লোৱাৰ লগে লগে এই সংস্থাৰ অনুমোদিত ভেকচিন ছিৰাম ইনষ্টিটিউটে প্রস্তুত কৰা ক’ভিশ্বিল্ডক লৈ ভাৰতত সৃষ্টি হৈছিল আতংক৷ আনকি বিষয়টোক লৈ তীব্র প্রতিক্রিয়াৰো সৃষ্টি হৈছিল৷ শেহতীয়াকৈ এষ্ট্রাজেনেকাই বজাৰৰ পৰা নিজে প্রস্তুত কৰা ভেকচিন প্রত্যাহাৰ কৰাৰ লগে লগে বিষয়টোক লৈ পুনৰ সৰৱ চর্চা চলিছে৷

Featured