ঈশ্বৰৰ আদেশত গির্জাৰ ধর্মযাজকলৈ গুলী যুৱকৰ !

🔹 পেনছিলভেনিয়াত চাঞ্চল্যকৰ ঘটনা

বিশেষ বাৰ্তা, ৯ মে’ : ঈশ্বৰে আদেশ দিছিল ! সেই আদেশ পালন কৰিবলৈ আমেৰিকাৰ এটা গির্জাত বন্দুক হাতত লৈ প্রৱেশ কৰে এজন যুৱকে৷ যাজকক লক্ষ্য কৰি গুলীও চলায় এই যুৱকজনে৷ কিন্তু কথমপি প্রাণৰক্ষা হয় ধর্মযাজকজনৰ৷ ইতিমধ্যে অভিযুক্তক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ সংবাদ সংস্থা চিএনএনৰ সূত্রই সদৰী কৰা অনুসৰি, এই চাঞ্চল্যকৰ ঘটনা ঘটিছে আমেৰিকাৰ পেনছিলভেনিয়াত৷ চহৰখনৰ এটা গির্জাত প্রার্থনা চলি আছিল৷ মঞ্চত আছিল যাজক গ্লেন জার্মানী৷ তেতিয়াই বার্নার্ড জে পোলাইট নামৰ ২৪ বছৰীয়া যুৱকজনে হাতত আগ্নেয়াস্ত্র লৈ গির্জাটোত প্রৱেশ কৰে৷ কিন্তু যুৱকজনৰ পৰিকল্পনা ব্যর্থ হয়৷ গির্জাত উপস্থিত থকা লোকসকলে তাৎক্ষণিকভাৱে কৰায়ত্ত কৰে বার্নার্ডক৷ এই ঘটনাৰ তদন্ত চলোৱা আৰক্ষী বিষয়াৰ ওচৰত দিয়া স্বীকাৰোক্তিত যুৱকজনে উল্লেখ কৰে যে ঈশ্বৰৰ আদেশ মানি তেওঁ ধর্মযাজকজনক হত্যা কৰিবলৈ আহিছিল৷ ইতিমধ্যে অভিযুক্তক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ এই ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে আমেৰিকাজুৰি৷

Featured