আপুনি ভয়াতুৰ নেকি? ভয় জয় কৰিব পাৰে এনে উপায়েৰে…

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ এতিয়া আমি এনে এখন পৃথিৱীত বাস কৰোঁ, যিয়ে সদায় আমাক চিন্তিত কৰে৷ আমি সদায় নিজৰ চাৰিওফালে ভয়ংকৰ পৰিৱেশ দেখোঁ। সম্প্ৰতি এনে এক ভয়ৰ ভাব সূচনা কৰিছে ক’ৰোনাই। কেতিয়াবা যুদ্ধ-বিগ্ৰহ, চুৰিকাণ্ড আদি নানা ঘটনাই ইয়াৰ উদ্ৰেক ঘটোৱাৰ লগতে ভূতৰ প্ৰতিও থাকে ভয়। কিন্তু আমি আমাৰ মাজৰ ভয় আঁতৰাব পাৰোঁ৷

কি এই উপায়-

১. অধিক যুক্তিনিৰ্ভৰ হওক। আপোনাৰ সন্মুখত যি আহে তাক বিচাৰ কৰিবলৈ চেষ্টা কৰক। উদাহৰণস্বৰূপে, ক’ৰোনাক লৈও বহুতৰে ভয় থাকে। কিন্তু যুক্তিগতভাৱে ভাবিলে ই সকলো শৰীৰৰকে বশ কৰিব নোৱাৰে। এনে অৱস্থাত ভয়ৰ মাজত নোসোমাই সাৱধানে থাকক।

২. নিজকে উগ্ৰতাৰ মাজত নাৰাখিব। অৰ্থাৎ টিভিত অধিক হত্যা, আঘাত, তেজ, অপহৰণৰ ছবি চোৱা পৰিহাৰ কৰক। এই সকলোবোৰৰ পৰা নিজকে আৰু আপোনাৰ পৰিয়ালক আঁতৰাই ৰাখক।
৩. আপোনাক নিজকে এনে এজন ব্যক্তিৰ সৈতে জড়িত কৰাওক, যাৰ পৰা আপুনি যৌক্তিক সঁহাৰি পাব। আপোনাৰ উত্তেজনা বা ভয় বৃদ্ধি কৰিব পৰা সংগীৰ পৰা আঁতৰি থাকক বা তেওঁৰ মতামতক যুক্তিৰ পোহৰলৈ আনক।

৪. নিজৰ যুক্তিত অটল থাকক। আনৰ যুক্তিহীন কথাত ভাহি নাযাব। সকলোতে নিজৰ বুদ্ধি ব্যৱহাৰ কৰক।