বেয়া খবৰঃ কৰোনা ভেকচিন ললে ত্যাগ কৰিব লাগিব সুৰা

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ সুৰাপায়ী সকলৰ নিশ্চিত ভাবে এক বাবে বেয়া খবৰ। কৰনোৰ ভেকচিন ললে ত্যাগ কৰিব লাগিব সুৰা। কাৰণ ইতিমধ্যেই কৰোনা ভাইৰাছৰ ভেকচিনৰ জৰুৰীকালীন প্ৰয়োগ এতিয়া ইংলেণ্ডত আৰম্ভ হৈছে। ৰাছিয়াই অতি সোনকালে স্পুটনিক ভি ৰ প্ৰয়োগ আৰম্ভ কৰিব। ভাৰততো অতি সোনকালে কৰোনাৰ ভেকচিনৰ প্ৰয়োগ আৰম্ভ হ’ব। কিন্তু এই সময়তেই বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছে যে কৰোনাৰ ভেকচিন ল’লে সুৰাপান ত্যাগ কৰিব লাগিব নেকি। সুৰাপান কৰিলে কৰোনাৰ ভেকচিনৰ প্ৰভাৱ কমিব নেকি।

এই সন্দৰ্ভত ৰাছিয়াৰ গৱেষকে জানিবলৈ দিছে যে কৰোনাৰ ভেকচিন স্পুটনিক ভিৰ টিকাকৰণ কৰা হয় ২ মাহৰ বাবে মদ্যপান ত্যাগ কৰিব লাগিব। ৰাছিয়াৰ কনজিউমাৰ বিশেষজ্ঞ আন্না পপোভাই জানিবলৈ দিছে যে তেওঁ নিজে ভেকচিনৰ টিকাকৰণ কৰাৰ পিছত দুসপ্তাহৰ বাবে মদ্যপান কৰা নাছিল।

যি সকলে স্পুটনিক ভি টিকাকৰণ কৰিব ৪২ দিনলৈকে সুৰাপান কৰিব নোৱাৰিব।

এই সন্দৰ্ভত ৰাছিয়াত ভেকচিন বিশেষজ্ঞ সকলে জানিবলৈ দিছে টিকাকৰণৰ সময়ত যদি সুৰাপান কৰে তেতিয়া আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যাব পাৰে। যাৰ বাবে টিকাকৰণৰ সময়ত সুৰাপান কৰাৰ পৰা বিৰত থাকিব লাগিব।