ঘৰৰ কোন দিশত পক্ষীৰ ফটো ৰাখিলে সফলতা লাভ কৰিব পাৰে জানক আজিয়েই…

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ   বাস্তু শাস্ত্ৰ বৰ্তমান সময়ত বহু লোকে বিশ্বাস কৰে। বাস্তু শাস্ত্ৰ অনুসৰি বহুলোকে নিজৰ ঘৰৰ বিভিন্ন দিশ সমূহ নিৰ্ণয় কৰে। বহুলোকে ঘৰত পক্ষীৰ ফটো ৰাখে। পক্ষীৰ ফটোৱে যোগাত্মক ফলাফল দিয়ে।

যি সকল লোকে বহুত কষ্ট আৰু কাম কৰাৰ পিছতো সফলতা লাভ নকৰে তেতিয়া এনেকুৱা লোকে নিজৰ ঘৰত পক্ষীৰ ফটো লগাব লাগে।

বাস্তু শাস্ত্ৰৰ মতে পক্ষীৰ ফটো থকাটো খুবেই ভাল লক্ষণ। য’ত পক্ষী থাকে তাত পৰিৱেশ খুব ভাল হোৱাৰ লগতে আনন্দমুখৰ হয়। আনকি আপুনি জীৱন্ত পক্ষীও পুহিব পাৰে।

জীৱন্ত পক্ষী নুপুহিলেও পক্ষীৰ ফটো অথবা মূৰ্তি ৰাখিব পাৰে। তেতিয়া আপোনাৰ জীৱনলৈ সফলতা আহিব। কাৰণ পক্ষী যোগাত্মক দিশৰ প্ৰতীক আৰু ঋণাত্মক দিশ সমূহৰ পৰা মুক্তি পায়। পক্ষীৰ ফটো অথবা মূৰ্তি ঘৰৰ পূব দিশত থ’ব লাগে।