মধুচন্দ্ৰিকা স্মৰণীয় কৰি ৰাখিব বিচাৰেনে…

আপুনি যদি বিবাহৰ পাছত মধুচন্দ্ৰিকালৈ যোৱাৰ পৰিকল্পনা কৰি আছে, তেন্তে এনে কিছু গন্তব্য স্থান আছে, যি আপোনাৰ বাবে উপযুক্ত হ’ব পাৰে। এনে কেইখনমান বিখ্যাত আৰু কম বাজেটত মধুচন্দ্ৰিকাৰ পৰিকল্পনা কৰিব পৰা ঠাই-

আন্দামান-নিকোবৰ

আপুনি যদি কোনো হলীউড শৈলীৰ গন্তব্যস্থললৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে আন্দামান-নিকোবৰৰ বাবে বিনা দ্বিধাই সাজু হওক। সমুদ্ৰতীৰৰ বালি, গছৰ সৈতে বান্ধা ছায়াময় ঝুলনা, স্কুবা ডাইভিং, কাঁচৰ বোট ৰাইড আৰু উইণ্ড ছার্ফিঙে ৰোমাঞ্চ বঢ়াই তুলিব।

কেৰেলা


কেৰেলাক প্রাচ্যৰ ভেনিছ বুলি কোৱা হয়। এইখন এনে এখন সুন্দৰ ৰোমাণ্টিক ঠাই, য’ত বছৰটোৰ ১২ মাহে দেশী-বিদেশী পর্যটকৰ আগমণ হৈ থাকে। নৌকা বিহাৰ, চাহ বাগান আৰু মনোমোহা সেউজীয়া সৌন্দৰ্যই মধুচন্দ্ৰিকাৰ স্মৃতি চিৰযুগমীয়া কৰিব।

দার্জিলিং


চাহ বাগানৰ উপৰিও মধুচন্দ্ৰিকাৰ বাবে দার্জিলিঙক চকু মুদি বাছনি কৰিব পাৰি। ‘পাহাৰৰ ৰাণী’ বুলিও কোৱা হয় দার্জিলিঙক। ইয়াৰ পৰা উপভোগ কৰিব পাৰি কাঞ্চনজংঘাৰ অপৰূপ সৌন্দৰ্য। দার্জিলিঙৰ সূৰ্যোদয় কোনে পাহৰিব পাৰে!

টাৱাং


টাৱাং সমুদ্রপৃষ্ঠৰ পৰা ১০,০০০ ফুট উচ্চতাত ভাৰত আৰু তিব্বতৰ মাজতে অবস্থিত এখন খুবে সুন্দৰ ঠাই। ইয়াত সুন্দৰ পাহাৰ, জলপ্রপাত, উপত্যকা আৰু হ্রদ দেখিবলৈ পাব। বতাহৰ সতেজতা অনুভৱ কৰিব পাৰি ইয়াত। ওখ ওখ পাহাৰৰ মাজেৰে পাৰ হব পাৰি ইয়াত। বৰফৰ আচ্ছাদনে আপোনাক বাকী সকলো দুখ-ক্লান্তি পাহৰাই পেলাব।