ভালপোৱা সংগীৰে বিবাহত ঘৰৰ নাই সন্মতি, কিদৰে জয় কৰিব অভিভাৱকৰ অন্তৰ…

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ আজিৰ সমাজ আমাৰ বাবে অতি মুকলি হৈছে। বিশেষকৈ প্ৰেম বিবাহৰ ক্ষেত্ৰত আজিৰ সমাজ মুক্ত। কিন্তু তাৰ পিছতে এইক্ষেত্ৰত বিভিন্ন কাৰণত গোড়ামী লক্ষ্য কৰা যায়। সেই ক্ষেত্ৰত, যিসকলে নিজৰ প্ৰেমিক বা প্ৰেমিকাক এৰিবলৈ সক্ষম নহয়, তেওঁলোকৰ বাবে কিছুমান সৰল পৰামৰ্শ-

১. প্ৰথমে জানক আপোনাৰ পৰিয়ালে আপোনাৰ বাবে স্বামী হিচাপে কেনেধৰণৰ ল’ৰা বিচাৰে। যদি তেওঁলোকে ভাল পোৱা গুণবোৰ ল’ৰাজনৰ আছে আপুনি সুৰক্ষিত। আৰু নাথকিলেও তেনে গুণৰ অধিকাৰী কৰাবলৈ যত্ন কৰাওক।

২. আপোনাৰ মাৰ সৈতে কোমল মিঠা সুৰত কথা পাতক। তেওঁক বুজাওক যে ল’ৰা বা ছোৱালীৰ গুণ তেওঁলোকে বিচৰা ধৰণে আছে। মাকসকলৰ মন সৰল। আপুনি দেখিব যে যদি আপুনি ইয়াক সঠিকভাৱে উপস্থাপন কৰিব পাৰে, আপোনাৰ প্ৰেমবিবাহ নিশ্চিত।

৩. যদি ঘৰত বৌ থাকে, তেন্তে তেওঁৰ লগত কথা পাতক। এইক্ষেত্ৰত আপুনি উপহাৰ আদিৰ আশ্ৰয় ল’ব পাৰে। মৰমেৰে সংগীৰ কথা ক’লে এইক্ষেত্ৰত তেৱোঁ আপোনাক সহায় কৰিব পাৰে। বৌৰ জৰিয়তে দাদা আৰু দাদাৰ জৰিয়তে দেউতা-মালৈ ঠেলি দিয়ক সন্মতিৰ বাণ।

৪. যদি আপুনি অৱশেষত দেখিছে যে আপুনি কাকোৱে কোনোপ্ৰকাৰে বুজাব নোৱাৰে, আপুনি সম্পৰ্কটোৰ বিষয়ে আকৌ এবাৰ চিন্তা কৰিব লাগিব। আপোনাৰ জ্যেষ্ঠসকল আপোনাতকৈ অধিক অভিজ্ঞতাসম্পন্ন। কিন্তু আপোনাৰ সংগীক লৈ আছে আত্মবিশ্বাস। এনেক্ষেত্ৰত সংগীৰে মিলি অন্য উপায়েৰে তেওঁলোকৰ মন আদায়ৰ চেষ্টা কৰক। সংগীৰে কথা পাতক বিষয়টো সম্পৰ্কে। অভিভাৱকৰ দৃষ্টিত সংগীৰ যিবোৰ দুৰ্বলতা, তাক সবলতালৈ ৰূপান্তৰৰ চেষ্টা কৰক।