ভাল পোৱা কিদৰে প্ৰকাশ কৰিব জানক কেইটামান সহজ উপায়…

নিয়মীয়া বাৰ্তা ৭ মেঃ  প্ৰেম জীৱনত সকলোৰে বাবে গুৰুত্বপূৰ্ণ। প্ৰেমে জীৱনলৈ আনে স্বৰ্গীয় অনুভূতি। নিজৰ প্ৰেমৰ সংগীক  ভালপোৱা প্ৰকাশ কৰাৰ সময়ত তিনিটা শব্দৰ অৰ্থ হাজাৰ গুণ বেছি। কেনেদৰে আপোনজনক ভালপোৱাৰ কথা প্ৰকাশ কৰিব, তাৰে কেইটা মান সহজ উপায় জানি লওক

  •  প্ৰিয় জন শুই উঠাৰ পূৰ্বে পুৱাৰ খাদ্য তৈয়াৰ কৰি দিয়ক আৰু সৰুকৈ কাগজত লিখি দিব আপুনি কিমান ভাল পায়। ই নিশ্চয় আপোনাৰ ভাল পোৱাক বিশেষ ভাৱে মনত ৰাখিব।

 

  •    তেওঁৰ প্ৰিয় গানবোৰৰ মিশ্ৰণ কৰক আৰু কিছুমান ৰোমান্টিক গানও যোগ দিয়ক। প্লেলিষ্টৰ মাজততে আপোন জনক কিমান ভাল পায় সেইটো ৰেকৰ্ড কৰি গীতৰ মাজতে শুনাই দিয়ক। এইটো প্ৰেম প্ৰকাশ কৰাৰ সুন্দৰ উপায় ।

 

  • যদি আপুনি ভাবে যে আপুনি ভাল পোৱা কাৰোবাৰ সৈতে সাগৰৰ পাৰত খোজ কাঢ়ি যাব। তাৰ পূৰ্বেই সাগৰৰ পাৰত গৈ মই তোমাক ভাল পাও বুলি লিখি থৈ আহক। তাৰ পিছত ভালপোৱা জনক সাগৰৰ পাৰলৈ লৈ যাওক।

 

  • যদি মৌখিকভাৱে কোৱাটো আপোনাৰ বাবে অত্যাধিক কঠিন। তেতিয়া হ’লে আপোনাৰ সকলো আন্তৰিক আৱেগ আৰু অনুভূতি কঢ়িয়াই অনা এখন নিজে লিখা প্ৰেম পত্ৰ দিয়ক। হয়তো হাতে লিখা পত্ৰৰ মাদকতাই সুকীয়া।

 

  • নিজৰ ভাল পোৱা প্ৰকাশ কৰিবৰ বাবে সৰলতাৰে প্ৰকাশ কৰক। নিজৰ প্ৰেম প্ৰকাশ কৰা সৰলতা হল এক সুন্দৰ উপায়। য’ত কোনো নাথাকে কৃত্ৰিমতা।