২০২০তকৈ বেছি ভয়াৱহ হ’ব ২০২১ চনটোঃ ভৱিষ্যদ্বাণী

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ নষ্ট্ৰাদামুছ বা মিচেল দ্য নোষ্ট্ৰদাম আছিল এগৰাকী ফৰাচী ভৱিষ্যদ্বক্তা, জ্যোতিষী, লেখক তথা ঔষধ প্রস্তুতকৰ্তা। নষ্ট্ৰাদামুছক বিশ্ব ইতিহাসৰ এগৰাকী উল্লেখনীয় ভৱিষ্যদ্ৰষ্টা বুলি গণ্য কৰা হয়। তেওঁৰ দ্বাৰা লিখিত ভৱিষ্যদ্বাণীসমূহ বিশ্বব্যাপী বিখ্যাত।

১৫৫৫ চনত মুঠ ৬৩৩৮টি ভৱিষ্যদ্বাণীৰে তেওঁৰ গ্ৰন্থ ‘লে প্ৰোফেচে’ প্ৰকাশ হৈছিল। তাৰ বেশিভাগেই অৰ্থাত ৭০ শতাংশই মিলি যোৱা বুলি দাবী কৰা হয়। তথাপি নষ্ট্ৰাদামুছৰ ভৱিষ্যদ্বাণীৰ ভাষা আৰু তাৰ ইংগিতক লৈ এতিয়াও বিতর্ক ৰৈ গৈছে।

 নষ্ট্ৰাদামুছে তেতিয়াই ২০২০ চনত বিশ্বজুৰি মহামাৰী হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল। কিন্তু ২০২১ চনক লৈ তেওঁৰ ভৱিষ্যদ্বাণী আৰু ভয়ংকৰ বুলি বিবেচিত হৈছে। ২০২১ চনক লৈ নষ্ট্ৰাদামুছৰ এটা ভৱিষ্যদ্বাণী আছিল এই যে ৰাছিয়াৰ এগৰাকী জীৱ বিজ্ঞানীয়ে এনে এক জৈৱাস্ত্র তৈয়াৰ কৰিব, যিয়ে ধ্বংস কৰি দিব গোটেই পৃথিৱীৰ মানুহক।

নষ্ট্ৰাদামুছে লগতে কৈছিল যে দুর্ভিক্ষ, ভূমিকম্প, বিভিন্ন ৰোগ আৰু মহামাৰী পৃথিৱীৰ সমাপ্তিৰ প্রথম লক্ষণ হ’ব। যি বৰ্তমান সময়ত ঘটা আমি দেখিবলৈ পাইছোঁ। ২০২০ চনৰ ক’ৰোনা ভাইৰাছ মহামাৰীক ইয়াৰ সূচনা হিচাপে বিবেচনা কৰিব পৰা যায়। তেওঁ লগতে কোৱা মতে বিশ্ব এনে এক দুৰ্ভিক্ষৰ মুখামুখি হ’ব পাৰে, যি বিশ্ব জনসংখ্যাৰ এটি বৃহত অংশই ইয়াৰ মুখামুখি হ’ব নোৱাৰিব।

নষ্ট্ৰাদামুছৰ ভৱিষ্যদ্বাণী মতে ২০২১ বিশ্বব্যাপী ডাঙৰ ঘটনাৰ ক্ষেত্রত এটা অত্যন্ত গুৰুত্বপূর্ণ বছৰ। এই সময়ত সূর্যৰ উষ্ণতাত পৃথিৱীৰ ক্ষতি হ’ব। নষ্ট্ৰাদামুছৰ পূর্বাভাস অনুযায়ী সমুদ্রপৃষ্ঠৰ উচ্চতা বৃদ্ধি হ’ব। জলবায়ু পৰিৱর্তনে যুদ্ধ তথা সংঘাতময় পৰিস্থিতি তৈয়াৰ কৰিব। সম্পদৰ লোভত বিশ্বত যুঁজ আৰম্ভ হ’ব।