এটা পিঁয়াজ বিছনাৰ কাষত থৈ শোৱক, তাৰ ফলাফল দেখিলে আচৰিত হ’ব আপুনি

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ  পিঁয়াজ প্ৰাচীন কালৰে পৰা কেৱল খোৱাৰ লগতে নহয় ঔষধী হিচাপেও কাম কৰি আহিছে। বৰ্তমান অত্যাধুনিক চিকিৎসাৰ দিনত পিঁয়াজৰ গুৰুত্ব কমি গৈছে যদিও বিজ্ঞানেও ইয়াৰ গুণক স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। আপোনালোকে জানি আচৰিত হ’ব যে ৰাতি শোৱাৰ সময়ত এটা পিঁয়াজ আপোনাৰ বিছনাৰ কাষত ৰাখি থ’ব তেতিয়া তাৰ উপকাৰ জানিলে আচৰিত হ’ব আপুনি।

যদি এটা পিঁয়াজ চাৰি টুকুৰাকৈ কাটি নিজৰ বিচনাৰ ওচৰত ৰাখি শুই যায় তেতিয়া আপোনাৰ পানী লগা জ্বৰৰ সমস্যাৰ পৰা দূৰ হ’ব পাৰে। দৰাচলতে পিঁয়াজত এণ্টি বেক্টেৰিয়েল গুণ পোৱা যায়। যাৰ বাবে বেক্টেৰিয়েল সংক্ৰমণৰ পৰা বাচিব পাৰি। প্ৰবাদ আছে যে প্ৰাচীন কালত লোকসকলে সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ পিঁয়াজৰ ব্যৱহাৰ এনেদৰে  কৰা হৈছিল।

ইয়াৰ উপৰি এই উপায়েৰে মহৰ কামোৰৰ পৰা ৰক্ষা পাব পাৰি। লগতে পিঁয়াজৰ ৰস যদি ভৰিত লগোৱা হয়, তেতিয়া বহুত লাভদায়ক হয়। বিশেষকৈ পিঁয়াজৰ টুকুৰা কাটি ভৰিৰ তলত ৰাখি মোজা ভালদৰে পিন্ধি লওক। গোটেই ৰাতি এনেদৰে থাকক। এনে কৰিলে ভৰিত ৰক্ত সঞ্চালন সঠিক ভাৱে হয়।