যৌন জীৱনৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে সুস্বাস্থ্যৰঃ গৱেষণা

নিয়মীয়া বার্তা, ১৭ ডিচেম্বৰঃ  ভাল যৌন জীৱনৰ সৈতে সুস্বাস্থ্যৰ পোনপটীয়া সম্পৰ্ক আছে। শেহতীয়া এক অধ্যয়নৰ পিছত এই দাবী ঘোষণা কৰা হৈছে। য’ত কোৱা হৈছে সম্পৰ্ক বজাই ৰখাত যৌন সম্ভোগে ভূমিকা পালন কৰিব পাৰে।

যৌন সম্ভোগে কেৱল শাৰীৰিক প্ৰয়োজনীয়তা পূৰণ নকৰে লগতে মুড ভাল কৰাতো যৌন জীৱনৰ ভূমিকা আছে। ইপিনে ৰোগ প্ৰতিৰোধ প্ৰণালী ভাল কৰি ৰখাত যৌন সম্ভোগৰ এক অতি কাৰ্যকৰী ভূমিকা আছে।

লগতে পঢ়কঃ সুখবৰঃ বিশ্বৰ সৰ্ববৃহৎ ই-স্কুটাৰ কাৰখানা হ’ব ভাৰতত! সুযোগ ১০,০০০ কর্মসংস্থানৰ

ৰক্তচাপ নিয়ন্ত্ৰণৰ অধীনত ৰখায়ে হওক বা হৃদৰোগৰ বাবেই হওঁক, যৌন সম্ভোগে যথেষ্ট ভূমিকা পালন কৰে। গৱেষকসকলে দাবী কৰে যে যৌন সম্ভোগ স্বাস্থ্য বা দীৰ্ঘায়ুৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত।

নিউ ইংলেণ্ড ৰিচাৰ্চ ইনষ্টিটিউটে দাবী কৰে যে যৌন জীৱন ভাল হ’লে বহুতো জটিল হৃদৰোগৰ পৰা আৰোগ্য হ’ব পাৰে।

লগতে পঢ়কঃ বায়ুসেনাই লাভ কৰিব ৬ অত্যাধুনিক বিমান

কিশোৰসকল যৌন সম্ভোগৰ প্ৰতি অধিক আগ্ৰহী। গৱেষণাত কোৱা হৈছে যে ২০ৰ পৰা ৩৫ বছৰ বয়সৰ লোকৰ মাজত যৌন সম্ভোগ আটাইতকৈ বেছি।