যৌন সম্ভোগ আৰু বয়সৰ সম্পৰ্ক কি? নতুন অধ্যয়নত প্ৰকাশ পাইছে কেতবোৰ তথ্য…

নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ  সময়ৰ লগে লগে বয়সৰ বৃদ্ধি হয়। বয়সৰ বৃদ্ধি এক প্ৰাকৃতিক ঘটনা ইয়াক কোনো ধৰি ৰাখিব নোৱাৰে । কিন্তু দৈনিক ব্যায়াম কৰা, ভাল খাদ্য গ্ৰহণ কৰিলে যৌৱন কিছু দিন ধৰি ৰাখিব পাৰি। এটা স্বাস্থ্যৱান শৰীৰৰ বাবে ব্যায়াম, খাদ্য খুবেই জৰুৰী কিন্তু গৱেষকসকলে যৌৱন ধৰি ৰাখিবলৈ আৰু এটা বস্তু খুবেই প্ৰয়োজন বুলি উল্লেখ কৰিছে সেইটো হৈছে সুস্থ যৌন জীৱন।

গৱেষকসকলে জানিবলৈ দিছে যৌন জীৱন যদি সক্ৰিয় হৈ থাকে বহুকেইটা বেমাৰৰ পৰা মুক্ত হ’ব পাৰি। যৌনতাই কেৱল শাৰীৰিক সন্তুষ্টিয়েই নহয় মানসিক শান্তিও দিয়ে। লগতে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ হয় আৰু হৃদ ৰোগকে ধৰি বহু ৰোগ নিয়ন্ত্ৰণ হয়।

নিউ ইংলেণ্ড ৰিচাৰ্চ ইনস্টিটিউটৰ গৱেষকসকলে হৃদ ৰোগত আক্ৰান্ত লোকসকলৰ ওপৰত এক গৱেষণা কৰিছিল। এই গৱেষণা ৬৫ বৰ্ষৰ ১১২০ জন পুৰুষ আৰু মহিলাৰ ওপৰত কৰিছিল। এই গৱেষণাৰ ২২ বছৰৰ পিছত ফলাফল ওলাইছে। এই গৱেষণাত দাবী কৰা হৈছে দৈনিক শাৰীৰিক সম্পৰ্ক কৰিলে হৃদ ৰোগৰ পৰা মুক্ত হ’ব পাৰি।

গৱেষক সকলে জানিবলৈ দিছে যে যৌন জীৱনত সক্ৰিয় হৈ থাকিলে হাৰ্ট এটেক অহাৰ পিছতো জীয়াই থকাৰ আশংকা সম্পূৰ্ণ ৰূপে থাকে।

গৱেষকসকলে জানিবলৈ দিছে যে সপ্তাহত এবাৰ শাৰীৰিক সম্পৰ্ক কৰিলে দীঘায়ু হোৱাৰ আশংকা ৩৭ শতাংশ বৃদ্ধি হয়। এইটো প্ৰথম গৱেষণা নহয় ইয়াৰ আগতে আমেৰিকাৰ জাৰ্ণেল অফ কার্ডিওলজি প্ৰকাশ পাইছিল যে যি পুৰুষে কম শাৰীৰিক সম্পৰ্ক কৰে সেইসকলৰ হৃদ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

আনহাতে যি সকল পুৰুষ যৌন জীৱনত সক্ৰিয় তেওঁলোক শাৰীৰিক পৰিশ্ৰম কৰাৰ ক্ষমতা বেছি হয় বুলি গৱেষণাত প্ৰকাশ পাইছে।