কপালত কিয় তিলক লয় জানেনে?

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ হিন্দু পৰম্পৰা অনুসৰি কপালত তিলক লগোৱাটো শুভ বুলি গণ্য কৰা হয়। হালধি, চন্দন কাঠ, সেন্দূৰ বা কুমকুম যিহৰে তিলক বা ফোট লগোৱা নহওক কিয়, ইয়াৰ আছে অন্য মাহাত্ম্য। কপালত তিলক লগোৱাৰ ধৰ্মীয় কাৰণ ইয়াত আজ্ঞাচক্ৰ থাকে। ই আমাৰ শৰীৰত উপস্থিত থকা ৭টা চক্ৰৰ ভিতৰত এটা৷

তন্ত্ৰ সাধনাত কপালক ইষ্টদেৱতাৰ প্ৰতীক বুলি গণ্য কৰা হয়৷ এই তিলক লগোৱাৰ সময়ত ইষ্টদেৱতাৰ স্মৰণেৰে শৰীৰৰ সকলো চেতনাক এক ঠাইত কেন্দ্ৰীভূত হয় বুলি ধৰা হয়।

কিন্তু মনোবিজ্ঞানৰ মতে তিলক প্ৰয়োগৰ মাহাত্ম্য বেলেগ৷ মূৰটো মুখমণ্ডলৰ কেন্দ্ৰত থাকে, আনৰ দৃষ্টি প্ৰথম তাতেই পৰে, সেয়েহে সেই দৃষ্টিক ধৰি ৰাখিবলৈ চেষ্টা কৰা হয়।

আনহাতে, জীৱবিজ্ঞানেৰেও কৰিব পাৰি ইয়াৰ ব্যাখ্যা। জীৱবিজ্ঞানৰ মতে, কপালত পাইনীয়েল নামৰ গ্ৰন্থি থাকে৷ এই গ্ৰন্থিক উদ্দীপিত কৰিলে মগজুত এক বিশেষধৰণ অনুভূতি প্ৰৱাহিত হয় ৷

পাইনেল গ্ৰন্থিক সাধাৰণতে বহুতো কাৰণত “তৃতীয় চকু” বুলি অভিহিত কৰা হৈছিল, কাৰণ মগজুৰ কেন্দ্ৰত ইয়াৰ অৱস্থান আৰু পোহৰৰ সৈতে ইয়াৰ সম্পৰ্ক। ৰহস্যবাদী আৰু আধ্যাত্মিক পৰম্পৰা মতে ই ভৌতিক আৰু আধ্যাত্মিক জগতৰ মাজত এক আধ্যাত্মিক সম্পৰ্ক হিচাপে কাম কৰে।

গতিকে কপালত তিলক লগোৱা কথাটো এটা মাত্ৰ সাধাৰণ কৰ্ম বুলি ভবাটো উচিত নহয়। ইয়াৰ এক বৈজ্ঞানিক ভিত্তিও নথকা নহয়। হিন্দু ধৰ্মত বিভিন্ন শুভ উদ্দেশ্যৰ বাবে কপালত পূজা, তিলক বা টিকাকৰণ কৰা হয়।