আজি দিল্লী উচ্চ ন্যায়ালয়ে ল’ব সিদ্ধান্ত

অভিযুক্ত বিনয় শর্মাৰ ক্ষমাৰ আবেদন নাকচ ৰাষ্ট্রপতিৰ

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ  নির্ভয়া গণধর্ষণ আৰু হত্যাকাণ্ড গোচৰৰ অন্যতম অভিযুক্ত বিনয় কুমাৰ শর্মাই মৃত্যু পৰোৱানাৰ পৰা ৰেহাই পাবলৈ যোৱা বুধবাৰে ক্ষমা আবেদন দাখিল কৰিছিল যদিও ভাৰতৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে এই আবেদন খাৰিজ কৰিছে৷ আজিৰ দিনটোতে নির্ভয়া হত্যাকাণ্ডৰ চাৰি অভিযুক্তৰ ফাঁচিৰ দিন নির্ধাৰণ কৰা হৈছিল যদিও যোৱা শুকুৰবাৰে দিল্লীৰ পাটিয়ালা হাউছ ক’র্টে ফাঁচিৰ নির্দেশ অনির্দিষ্ট কালৰ বাবে বাতিল কৰে৷ অভিযুক্তসকলৰ অধিবক্তা এ পি সিঙে কয় যে তেওঁলোকৰ আইনী প্রক্রিয়াসমূহ এতিয়াও সম্পূর্ণ হোৱা নাই৷ আজি ৰাষ্ট্রপতি কোৱিন্দে ক্ষমাৰ আবেদন নাকচ কৰাৰ পিছত ন্যায়ালয়ে চাৰিওজন অভিযুক্তক চূড়ান্ত শাস্তি দিয়াৰ ক্ষেত্রত কি সিদ্ধান্ত লয়, সেই লৈ সমগ্র দেশবাসী এতিয়া অপেক্ষাৰত৷ ইফালে, বাৰে বাৰে অভিযুক্ত চাৰিওজনে নিজৰ দোষৰ ক্ষেত্রত অলপো অনুশোচনা নকৰি মৃত্যুদণ্ডৰ পৰা ৰেহাই পাবলৈ চেষ্টা চলোৱা কার্যত হতাশ হৈ পৰিছে নির্ভয়াৰ মাতৃ আশা দেৱী৷ তেওঁ কয় যে নির্ভয়াৰ হত্যাকাৰী চাৰিওজন যুৱকৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই৷ তেওঁলোকক ফাঁচি নিদিয়ালৈকে যুঁজ দি যাব বুলিও নির্ভয়াৰ মাতৃয়ে দৃঢ়তাৰে কয়৷

Comments (0)
Add Comment