আজি সন্ধিয়া ৬ বজাত অন্ত পৰিব দিল্লীৰ নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ দিল্লীৰ ৭০ টা বিধানসভা সমষ্টিৰ বাবে ৮ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব । দিল্লীৰ মুঠ ১ কোটি ৪৭ লাখ ৬৮৬ হাজাৰ ৩৮২ গৰাকী ভোটাৰে এইবাৰ তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ।

ইতিমধ্যে প্ৰতিটো দলেই নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । এই নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰসমূহ আজি সন্ধিয়া ৬ বজাৰ লগে লগে অন্ত পৰিব ।

উল্লেখ্য যে দিল্লী বিধানসভা নিৰ্বাচনৰ মূল যুঁজখন প্ৰথমে আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজত হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও কংগ্ৰেছে এই যুঁজখন ত্ৰিকোণীয়া কৰি তুলিলে ।

নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সীমাপুৰী, হৰি নগৰ আৰু মাদিপুৰ বিধানসভা সমষ্টিত তিনিটা ৰোড শ্ব’ত অংশ গ্ৰহণ কৰে ।

ইফালে দিল্লীৰ উপমুখ্যমন্ত্ৰী তথা ‘আপ’ৰ নেতা মনীষ ছিচোদিয়াইও আজি তেওঁৰ সমষ্টি পটপড়গঞ্জত এক পদযাত্ৰাত অংশ লৈছে ।

আনহাতে বিগত বিধানসভা নিৰ্বাচনত দিল্লীত এখনো আসন লাভ নকৰা কংগ্ৰেছে এইবাৰ নিৰ্বাচনত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ ওপৰতে কংগ্ৰেছৰ শেষ আশা এৰে ।

উল্লেখ্য যে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল অহা ১১ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব ।

 

Featuredদিল্লী বিধানসভা নিৰ্বাচন
Comments (0)
Add Comment