আহমেদাবাদত মাতৃদুগ্ধ দানৰ বাবেই নতুন বেংক

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ অসহায়া মাতৃৰ দুর্গত শিশুলৈ মাতৃদুগ্ধ দান কৰাৰ এক অগতানুগতিক প্রচেষ্টা আৰম্ভ কৰিছে গুজৰাটৰ আহমেদাবাদৰ একাংশ মহিলাই৷ যিসকল শিশুৰ মাতৃ শাৰীৰিকভাৱে অসুস্থ বা যিসকলে নিজৰ শিশুক নিজৰ স্তনৰ দুগ্ধ পান কৰাবলৈ সক্ষম হোৱা নাই, তেনে শিশুৰ বাবে এই গুজৰাটৰ মহিলাসকল হৈ পৰিব মমতাময়ী মাতৃ৷ ৰাছিনা ডক্টৰ মাৰফাছিয়া নামৰ মহিলাগৰাকীয়ে প্রথম এই সিদ্ধান্ত গ্রহণ কৰে৷ ৰাছিনাৰ প্রচেষ্টাতে ২৫০গৰাকী মহিলাই মাতৃদুগ্ধ দান কৰাৰ বাবে গঢ়ি তুলিছে ‘অর্পণ ম’ম বেংক’৷ স্মর্তব্য যে ২৯ বছৰীয়া ৰাছিনাই যেতিয়াই অনুভৱ কৰিছিল যে নিজৰ শিশুৰ উপৰি অন্য শিশুকো স্তনদুগ্ধ দান কৰিবলৈ সক্ষম, তেতিয়াই দুর্গত শিশুসকলৰ বাবে এই বেংকৰ কথা চিন্তা কৰিছিল৷ মহিলাগৰাকীৰ এই প্রচেষ্টাতেই এতিয়া গঢ় লৈ উঠিছে মমতাময়ী সংস্থাটো৷ স্মর্তব্য যে মহিলাগৰাকীয়ে এতিয়ালৈকে ১২ লিটাৰ স্তনদুগ্ধ এই বেংকৰ জৰিয়তে বহু অপৈণত শিশুলৈ দান কৰিছে৷ আহমেদাবাদৰ হাস্পতালৰ আইচিইউত বহু শিশুৰ জীৱন ৰক্ষা পৰিছে অর্পণ ম’ম বেংকৰ গাখীৰেৰে৷

Comments (0)
Add Comment