“আৰএছএছৰ প্রধানমন্ত্রীয়ে ভাৰত মাতাক মিছা কথা কয়”

নিউজডেস্ক, ২৬ ডিচেম্বৰঃ দেশত এটাও ডিটেনচন কেম্প নাই বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে ।

কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীক কটাক্ষ কৰি কয় যে ” আৰএছএছৰ প্রধানমন্ত্রীয়ে দেশৰ জনগণক মিছা কথা কৈ আহিছে” ।


ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ এক ভিডিঅ’ টুইট কৰি প্ৰধানমন্ত্ৰীক সমালোচনা কৰে ।
ভিডিঅ’টোত ডিটেনচন কেম্পলৈ যোৱা অসমৰ মাটিয়া গাঁৱৰ এটি পথ দেখোৱা হৈছে ।

লগতে দিল্লীৰ ৰামলীলা ময়দানত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰত এক অংশও এই ভিডিঅ’টোত সংলগ্ন কৰা হৈছে । ভাষণত মোদীয়ে কৈছিল যে কংগ্রেছ আৰু নগৰীয়া নক্সালবাদীয়ে ডিটেনচন চেণ্টাৰ সন্দৰ্ভত বিয়পোৱা খবৰবোৰ মিছা ।

Featuredrahul gandhiকংগ্রেছ নেতা ৰাহুল গান্ধী
Comments (0)
Add Comment