আৰক্ষী থানাত আঁৰি দিয়া হৈছে কাৰ্টুন ! দেশৰ প্ৰথমখন এনে আৰক্ষী থানা ক’ত ?

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ দেওবাৰে দেশৰ প্ৰথমখন শিশু অনুকুল আৰক্ষী থানা মুকলি কৰা হয় জম্মু-কাশ্মীৰৰ উধামপুৰত । শিশুৰ মনত আৰক্ষী সম্বন্ধে থকা ভয় আৰু শংকা দূৰীকৰণৰ উদ্দেশ্যে বিশেষভাৱে নিৰ্মাণ কাৰ হৈছে এইখন আৰক্ষী থানা । বিশেষ জুভেনাইল আৰক্ষী কেন্দ্ৰই দেওবাৰে উদ্বোধন কৰে এই আৰক্ষী থানাখন ।

এই বিশেষ থানাখনত কোনো আৰক্ষীয়ে নিজৰ ইউনিফৰ্ম পৰিধান কৰি সোধ-পোচ নকৰিব কোনো শিশুক । শিশুৱে কোনো অপৰাধ সংঘটিত কৰিলে সেই অপৰাধ স্বীকাৰ কৰিবলৈ আৰক্ষীৰ সমুখত অত্যন্ত শংকিত হয় । গতিকে শিশুসকলৰ অনুকুলে এই আৰক্ষী থানাখন নিৰ্মাণ কৰা হৈছে বুলিও উল্লেখ কৰে উধামপুৰ জুভেনাইল ন্যায় পৰিষদৰ সদস্য য়াছমিনে ।

এই আৰক্ষী থানাৰ প্ৰতিখন দেৱালত এতিয়া আঁৰি দিয়া হৈছে কাৰ্টুন আৰু খেলা-ধূলাৰ বাবে ৰখা হৈছে বিশেষ ঠাই । দেশৰ ভিতৰতে প্ৰথমখন শিশু অনুকুল থানাক লৈ এতিয়া দেশজুৰি আৰম্ভ হৈছে চৰ্চা ।

Featured
Comments (0)
Add Comment