উত্তৰ প্ৰদেশত ৬ প্ৰতিবাদকাৰীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন অঞ্চলৰ লগতে উত্তৰ প্ৰদেশ আৰু দিল্লীতো তীব্ৰ প্ৰতিবাদ অব্যাহত আছে । ক্ৰমাগত তিনি দিন ধৰি উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাত প্রতিবাদকাৰীসকলে হিংসাত্মক পৰিৱেশ সৃষ্টি কৰিছে ৷ শুকুৰবাৰে এনে প্রতিবাদৰ মাজতে উত্তৰ প্রদেশত ৬জন লোকে প্রাণ হেৰুৱাব লগা হয় ৷ উত্তৰ প্রদেশ আৰক্ষীৰ সঞ্চালকপ্রধান অ’ পি সিঙে এই প্রতিবাদৰ সময়ত ৬জন লোকৰ মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিলেও এই ঘটনা আৰক্ষীৰ গুলীবর্ষণৰ ফলত হোৱা নাই বুলি মন্তব্য কৰে ৷

আৰক্ষী সঞ্চালকপ্রধানজনে কয়– আমি এটাও গুলী ফুটোৱা নাই ৷ আৰক্ষীৰ সূত্র মতে, ‘কা’বিৰোধী প্রতিবাদৰ সময়ত বিজনৰত দুজন, চম্বল, ফিৰোজাবাদ, মেৰুট আৰু কানপুৰত এজনকৈ প্রতিবাদকাৰীৰ মৃত্যু হয় ৷ উল্লেখ্য যে শুকুৰবাৰে উত্তৰ প্রদেশৰ বিভিন্ন জিলাত ‘কা’বিৰোধী প্রতিবাদকাৰীসকলে তীব্র প্রতিবাদ সাব্যস্ত কৰে ৷ বৃহস্পতিবাৰৰ পৰা ৰাজ্যখনত প্রায় তিনি হাজাৰ প্রতিবাদকাৰীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৷ ইয়াৰে ৩৫০জন লক্ষ্ণৌৰ ৷ ৰাজ্যখনৰ ১৫খন জিলাত ইতিমধ্যে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে ৷

আৰক্ষীয়ে জনোৱা মতে, ৰাজ্যৰ এনে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিছে ৷ ৰাজ্যখনৰ কেইবাখনো জিলাত প্রতিবাদকাৰীসকলে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবর্ষণ কৰাৰ লগতে বিভিন্ন স্থানত অগ্নিসংযোগ কৰে ৷ হিংসাত্মক প্রতিবাদ ৰুধিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰাৰ ফলত বহু লোক আঘাতপ্রাপ্ত হৈছে ৷ লক্ষ্ণৌ, চম্বলপুৰ, গোৰখপুৰ, ফিৰোজাবাদ, কানপুৰ আৰু হাপুৰত ‘কা’বিৰোধী প্রতিবাদে তীব্র ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্যখনত বৃহস্পতিবাৰে ১৪৪ ধাৰা জাৰি কৰাৰ লগতে ১৫খন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰিলেও সমগ্র দেশৰ ভিতৰতে উত্তৰ প্রদেশত সর্ববৃহৎ প্রতিবাদ সাব্যস্ত হৈছে ৷

Comments (0)
Add Comment