এগ্জিট প’লৰ সমীক্ষাত ঝাৰখণ্ডত জেএমএম–কংগ্রেছ চৰকাৰ

পঞ্চম পর্যায়ৰ ভোটগ্রহণত ৬৯ শতাংশ ভোটদান

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ পাঁচটা পর্যায়ত অনুষ্ঠিত হোৱা ঝাৰখণ্ড বিধানসভা নির্বাচনৰ শুকুৰবাৰে অন্তিম পর্যায়ৰ ভোটগ্রহণ সম্পন্ন হয় ৷ ভোটগ্রহণৰ সমাপ্তিৰ পিছতেই প্রকাশ পোৱা এগ্জিট প’ল অনুসৰি এইবাৰ ঝাৰখণ্ড মুক্তি মর্চা আৰু কংগ্রেছৰ সহযোগত ৰাজ্যখনত চৰকাৰ গঠন কৰাৰ সম্ভাৱনাই দেখা দিছে ৷ ইণ্ডিয়া টুডে’ আৰু এক্সিছ মাই ইণ্ডিয়া ঝাৰখণ্ড এগ্জিট প’লৰ সমীক্ষা অনুসৰি ৮১খন আসন বিশিষ্ট ঝাৰখণ্ডৰ বিধানসভাত কংগ্রেছ–জেএমএম মিত্রজোঁটে ৩৮–৫০খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিব ৷ এই এগ্জিট প’লৰ সম্ভাৱনা অনুসৰি বর্তমান শাসনাধীন বিজেপিয়ে লাভ কৰিব ২২–২৩খন আসন ৷ ইফালে, টাইমছ নাওৰ সমীক্ষা মতে কংগ্রেছ–জেএমএম আৰু আৰজেডিয়ে একেলগে লাভ কৰিব ৪৪খন আসন ৷ এই সমীক্ষাত বিজেপিয়ে লাভ কৰিছে ২৮খন আসন ৷

উল্লেখ্য যে শুকুৰবাৰে অনুষ্ঠিত পঞ্চম পর্যায়ৰ অন্তিম ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন হয় আৰু শেহতীয়া তথ্য মতে ৬৯ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ অন্তিম পর্যায়ৰ ভোটগ্রহণত ১৬খন আসনৰ বাবে ভোটদান সম্পন্ন হয় ৷ পঞ্চম পর্যায়ৰ এই ভোটগ্রহণত ৩৩৭জন প্রার্থীৰ ভাগ্য নির্ণয় হ’ব ৷ ইয়াৰ ভিতৰত আছে প্রাক্তন মুখ্যমন্ত্রী তথা জেএমএম নেতা হেমন্ত ছোৰেন ৷

Comments (0)
Add Comment