কাশ্মীৰত শ্বহীদ দুজন ভাৰতীয় জোৱান

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ ইংৰাজী ২০২০ৰ প্রথম দিনটোতেই জম্মু–কাশ্মীৰত শ্বহীদ হ’ল দুজন ভাৰতীয় জোৱান৷ পাক অধিকৃত কাশ্মীৰৰ পৰা এল অ’ চিৰে ভাৰত ভূমিত অনুপ্রৱেশ কৰিবলৈ বিচৰা পাকিস্তানী সন্ত্রাসবাদীৰ সৈতে সংঘর্ষত প্রাণ হেৰুৱায় দুগৰাকী ভাৰতীয় জোৱানে৷

শীর্ষ আৰক্ষী বিষয়াই প্রকাশ কৰা মতে, জম্মু–কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এল অ’ চিৰে ভাৰত ভূমিত অনুপ্রৱেশ কৰিব বিচৰা পাকিস্তানী সন্ত্রাসবাদীৰ সৈতে সংঘর্ষত দুগৰাকী ভাৰতীয় জোৱানে প্রাণ হেৰুৱায়৷ পাক অধিকৃত কাশ্মীৰৰ পৰা থ্রায়াত বনাঞ্চলেদি সশস্ত্র পাকিস্তানী অনুপ্রৱেশকাৰীয়ে ভাৰত ভূমিত প্রৱেশ কৰিবলৈ চেষ্টা চলাওঁতেই কর্তব্যত থকা ভাৰতীয় সেনাৰ সৈতে সংঘর্ষ হয়৷ পাকিস্তানী অনুপ্রৱেশকাৰীয়ে ভাৰত ভূমিত প্রৱেশৰ তথ্য লাভ কৰাৰ লগে লগে সেনাই অঞ্চলটো ঘেৰাও কৰি অভিযান আৰম্ভ কৰোঁতেই দুয়োটা ফৈদৰ মাজত সংঘর্ষ হয়৷

সেই সংঘর্ষতেই দুজন ভাৰতীয় সেনা নিহত হয়৷ এই সংঘর্ষৰ পাছতেই সেনাবাহিনীয়ে অঞ্চলটোত তীব্র অভিযান অব্যাহত ৰাখিছে৷

Comments (0)
Add Comment