গণিতজ্ঞ বশিষ্ঠ নাৰায়ণক লৈ নির্মাণ হ’ব বায়’পিক

নিয়মীয়া বাৰ্তা,৫ ডিচেম্বৰঃ কিংবদন্তি ভাৰতীয় গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ জীৱন আৰু কর্মক লৈ নির্মাণ হ’ব এখন চলচ্চিত্র ৷ এই বায়’পিক নির্মাণ কৰিব ফাৰহান আখতাৰ তথা ৰীতেশ সিধৱানিয়ে ৷ ৰীতেশৰ এক্সেল এণ্টাৰটেইনমেণ্টে সংস্থাটোৰ পৰৱর্তী ছবি বশিষ্ঠ নাৰায়ণ সিঙৰ বায়’পিক হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে ৷ এই ছবিখন পৰিচালনা কৰিব যশস্বী পৰিচালক নীৰাজ পাঠকে ৷ উল্লেখনীয় যে ইতিমধ্যে ‘ভায়াজী ছুপাৰহিট’, ‘ৰাইট য়া ৰং’ আৰু ‘গুমনামঃ দ্য মাইষ্টেৰী’ৰ জৰিয়তে দর্শকৰ ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছে নীৰাজ পাঠকে ৷ পাটনাত এখন সংবাদ মেলত পাঠকে বশিষ্ঠ নাৰায়ণ সিঙৰ পৰিয়ালৰ সদস্যক লৈ এখন সংবাদ মেলযোগে এই কথা ঘোষণা কৰাৰ লগে লগে বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে ৷ উল্লেখনীয় যে আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্রক প্রত্যাহ্বান জনোৱা সিঙৰ কেইদিনমান পূর্বে দেহাৱসান ঘটিছে ৷

Featured
Comments (0)
Add Comment