চীনত পুনৰ বৃদ্ধি ক’ভিড-১৯ৰ সংক্ৰমণ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ সংহাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ চীনে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা বুলি চৰ্চিত হ’লেও দেশখনৰ মূল চহৰতেই শেহতীয়াভাৱে পুনৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। দেশখনৰ য়ুহান প্ৰাদুৰ্ভাৱ ঘটা ক’ভিড-১৯ৰ সংহাৰ নিয়ন্ত্ৰণ কৰা বুলি চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে বিবৃতিযোগে প্ৰকাশ কৰি আহিছে যদিও পুনৰ দেশখনৰ ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। নতুনকৈ ১৯জন লোকৰ দেহত ক’ভিড-১৯ নিশ্চিত হোৱাৰ পাছত পুনৰ ৩০জনৰ দেহত ভাইৰাছটো নিশ্চিত হৈছে। এই আক্ৰান্তসকলক সামূহিক সংক্ৰমণৰ বলি। এনে পৰিপ্ৰেক্ষিতত চীনৰ ভাইৰাছটোক লৈ চলাই থকা মিথ্যাচাৰ সঁচা প্ৰমাণিত হ’বলৈ আগবাঢ়িছে।

Comments (0)
Add Comment