চৰকাৰে বন্ধ কৰিব ১২৫খন সুৰা বিপণী

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ দেশৰ ৰাজধানী মহানগৰ নতুন দিল্লীত চৰকাৰে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে সুৰা বিক্রীৰ ১২৫খন বিভাগীয় বিপণী ৷ উল্লেখনীয় যে এই বিপণীসমূহত বিভিন্ন সময়ত সংঘটিত হৈ আহিছে অনিয়ম ৷ ৰাজ্যখনৰ উপ–মুখ্যমন্ত্রী মনীষ শিশোদিয়াই উল্লেখ কৰা অনুসৰি হঠাতে বিষয়াই চলোৱা পৰিদর্শনত এই অনিয়মৰ তথ্য ধৰা পৰিছে ৷ উল্লেখনীয় যে এল–১২ অনুজ্ঞাপত্রৰ অধীনত দীর্ঘদিন ধৰি ৰাজধানী চহৰখনত চলি আছে এই সুৰা বিক্রীৰ বিপণীবোৰ ৷ বিভিন্ন বিভাগৰ বাবে এই বিপণীসমূহত সাধাৰণতে বীয়েৰ আৰু ৱাইন বিক্রী কৰা হয় ৷

Comments (0)
Add Comment