তবলিগী জামাতৰ সদস্যক গুলীয়াই মাৰিব লাগেঃএমএনএছ মুৰব্বী ৰাজ থাকৰে

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ দেশৰ ৰাজধানী দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত তবালিগী জামাতৰ সদস্য সকলৰ ক’ৰোনা বাহক হিচাপে দেশজুৰি শংকাময় পৰিৱেশৰ সৃষ্টি কৰিছে। এই পৰিৱেশৰ মাজতে তবলিগী জামাতৰ সদস্যই কোৱাৰেণ্টাইত থকাৰ সময়তে মহিলা চিকিৎসা কৰ্মীক অশ্লীল ইংগিতেৰে অশোভনীয় আচৰণ কৰি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তবলিগী জামাতৰ এই সদস্যৰ ঘৃণনীয় কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মহাৰাষ্ট্ৰ নিৰ্মাণ সেনা মুৰব্বী ৰাজ থাকৰেই তবলিগী জামাতৰ সদস্যসকলক গুলীয়াই মাৰিব লাগে বুলি মন্তব্য কৰিছে। ক’ৰোনা ভাইৰাছ সংক্ৰমিত তবলিগী জামাতত সদস্যসকলে ইছলাম ধৰ্মক লৈ ষড়যন্ত্ৰ চলোৱা বুলি কোৱাৰেণ্টাইনত থকাৰ সময়তেই চৃড়ান্ত অসভ্যালি কৰে। এনে লোকসকলক প্ৰয়োজন সাপেক্ষে মানসিক চিকিৎসাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে এম এন এছ মুৰব্বীগৰাকীয়ে। উল্লেখ্য যে তবলিগী জামাতৰ সদস্যসকলে উলংগ হৈ মহিলা চিকিৎসা কৰ্মীৰ গণপ্ৰহাৰ দিয়া এনে ভিডিঅ’
ফুটেজ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিব লাগে বুলিও এমএনএছৰ মুৰব্বীগৰাকীয়ে মন্তব্য কৰিছে। এনে কৰিলে অসভ্যালি কৰা তবলিগী জামাতৰ সদস্যসকলৰ বিৰুদ্ধে দেশৰ জনগণে ভালকৈ জানিব পাৰিব বুলিও কয় এমএনএচৰ মুৰব্বীগৰাকীয়ে।

Comments (0)
Add Comment