ন’বেল শান্তি বঁটা প্ৰদান কৰক গ্ৰেটা থুনাবাৰ্গক

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ জলবায়ু আন্দোলনৰ নেত্রী সপ্তদশী তৰুণী গ্রেটা থুনবার্গক ন’বেল শান্তি বঁটা প্রদান কৰাৰ দাবী জনাইছে ছুইডেনৰ দুগৰাকী সাংসদে৷ ‘ফ্রাইডেছ ফৰ ফিউছাৰ’ আন্দোলনৰ জৰিয়তে বিশ্বজুৰি জলবায়ু পৰিৱর্তনৰ বিষয়টোক লৈ সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হোৱা সপ্তদশী গ্রেটা থুনবার্গে ২০১৯ চনত ন’বেল শান্তি বঁটা লাভ কৰিব বুলি বিভিন্ন মহলে ধাৰণা কৰিছিল৷ কিন্তু বিগত বর্ষত এই বঁটা লাভ কৰে প্রতিৱেশী এৰিট্রিয়াৰ দীর্ঘদিনীয়া সংঘাতৰ অৱসান ঘটাবলৈ শান্তিৰ পথ গ্রহণ কৰা ইথি’পিয়াৰ প্রধানমন্ত্রী আবি আহমেদ আলীয়ে৷ শেহতীয়াকৈ ছুইডেনৰ দুগৰাকী সাংসদে গ্রেটা থুনবার্গক ২০২০ চনৰ ন’বেল শান্তি বঁটাৰ বাবে মনোনীত কৰিছে৷ উল্লেখনীয় যে সপ্তদশী তৰুণীগৰাকীয়ে বিশ্ব নেতৃত্বক জলবায়ু পৰিৱর্তনৰ বিষয়টো সন্দর্ভত নজৰ দিবলৈ বাধ্য কৰাইছে৷

Comments (0)
Add Comment