নির্ভয়া গোচৰৰ বাবে নতুন বিচাৰপীঠ

নিউজডেস্ক, ১৮ ডিচেম্বৰঃ দেশৰ ৰাজধানী মহানগৰ নতুন দিল্লীত সংঘটিত শিহৰণকাৰী নির্ভয়া ধর্ষণৰ গোচৰত মৃত্যুদণ্ডৰ ৰায় লাভ কৰা অপৰাধীৰ এক আবেদনৰ শুনানি গ্রহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি নতুন বিচাৰপীঠ গঠন কৰিব ৷

স্মর্তব্য যে মুখ্য ন্যায়াধীশ এছ এ ব’বডে নেতৃত্বাধীন বিচাৰিপীঠে এই গোচৰত দোষী সাব্যস্ত হোৱা অক্ষয় কুমাৰ সিঙৰ আবেদনৰ শুনানি গ্রহণ কৰিবলৈ অগ্রাহ্য কৰিছে ৷

মঙলবাৰে দুই বজাত ব’বডে নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে উল্লেখ কৰিছে যে এক নতুন বিচাৰপীঠ গঠন কৰা হ’ব ৷ এই নতুন বিচাৰপীঠত বিষয়টো সন্দর্ভত উত্থাপিত আবেদনৰ শুনানি গ্রহণ কৰা হ’ব ৷

লক্ষণীয়ভাৱে ইতিমধ্যে শিহৰণকাৰী এই ধর্ষণৰ গোচৰত দোষী সাব্যস্ত হৈ মৃত্যুদণ্ডৰ ৰায় লাভ কৰা চাৰি অপৰাধীয়ে উচ্চতম ন্যায়ালয়ক পূর্বৰ ৰায়ৰ পুনৰীক্ষণ চলাবলৈ আবেদন জনাইছে ৷ কিন্তু চাৰিওজন অপৰাধীৰ এই আবেদন অগ্রাহ্য কৰি আহিছে উচ্চতম ন্যায়ালয়ে ৷

Comments (0)
Add Comment