নিষিদ্ধ হ’ল ছান ক্রীমৰ ব্যৱহাৰ

প্রবালকে ধৰি বিভিন্ন সামুদ্রিক প্রাণীৰ বাবে ক্ষতিকাৰক

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ পশ্চিম প্রশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্র পালাউৱে নিষিদ্ধ কৰিছে ছান ক্রীমৰ ব্যৱহাৰ ৷ প্রবালকে ধৰি বিভিন্ন সামুদ্রিক প্রাণীৰ বাবে এই ছান ক্রীম ক্ষতিকাৰক বুলি প্রমাণিত হৈছে ৷ গতিকে দেশখনে ছান ক্রীমৰ ব্যৱহাৰ নিষিদ্ধ কৰি নতুন বছৰটোৰ আৰম্ভণিৰ দিনাৰে পৰা সামুদ্রিক প্রাণীসমূহৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ সংকল্প গ্রহণ কৰিছে ৷ পাঁচ শতাধিক সৰু সৰু দ্বীপৰ সমষ্টি পালাউত ৰাষ্ট্রপতি টমী ৰেমেনগাছাউৱে উল্লেখ কৰিছে যে প্রকৃতিক ৰক্ষা কৰিবলৈ এই নীতি গ্রহণ কৰিবলগীয়া হৈছে ৷ প্রকৃতিৰ কোলাতেই মানুহে বসতি স্থাপন কৰি আহিছে ৷ গতিকে প্রকৃতিক ৰক্ষা কৰা প্রয়োজন বুলি যুক্তি দর্শাইছে ৰাষ্ট্রপতিগৰাকীয়ে ৷

Featured
Comments (0)
Add Comment