নেপাল সীমান্তৰে ভাৰতত প্রৱেশ ৫ সন্ত্রাসবাদীৰ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ভাৰতত কূটাঘাত সংঘটিত কৰাৰ লক্ষ্যৰে নেপাল সীমান্তৰে প্রৱেশ কৰিছে পাঁচটাকৈ আইছিছ সন্ত্রাসবাদী৷ ইতিমধ্যে দেশৰ কেইবাখনো জিলাত এই সন্ত্রাসবাদীকেইটাই প্রৱেশৰ খবৰ নিশ্চিত হোৱাৰ পিছতেই জাৰি কৰা হৈছে হাই এলার্ট৷ চোৰাংচোৱা সূত্রই সদৰী কৰা অনুসৰি, নেপাল সীমান্তৰে এই সন্ত্রাসবাদীকেইটাই ভাৰতত প্রৱেশ কৰাৰ পিছত বস্তি, গোৰখপুৰ, সিদ্ধার্থনগৰ, কুছিনগৰ আৰু মহাৰাজগঞ্জত জাৰি কৰা হৈছে সতর্কবাণী৷

ইয়াৰ উপৰি সীমান্তৱর্তী কেইবাখনো জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে প্রশাসনে৷ চোৰাংচোৱাৰ তথ্য অনুসৰি, বর্তমান ভাৰতৰ উত্তৰ প্রদেশত আত্মগোপন কৰিছে এই সন্ত্রাসবাদীকেইটাই৷ নেপাল সীমান্তৰে ভাৰতত কূটাঘাতৰ সংকল্পৰে প্রৱেশ কৰা এই সন্ত্রাসবাদীকেইটাৰ ভিতৰত আছে খোৱাজা মইনুদ্দিন আৰু আব্দুল ছামাদ৷ এই দুয়োটা সন্ত্রাসবাদীক অন্তিমবাৰৰ বাবে দেখা গৈছিল পশ্চিমবংগৰ শিলিগুৰিত৷ স্মর্তব্য যে ২০১৭ৰ ছেপ্ঢেম্বৰত চেন্নাইৰ পৰা মইনুদ্দিনক গ্রেপ্তাৰ কৰা হৈছিল যদিও পৰৱর্তী সময়ত জামিনত মুক্তি লাভ কৰে৷ মুক্তি লাভ কৰাৰ পিছতে মইনুদ্দিনে ছিৰিয়ালৈ গৈ আইছিছৰ সৈতে সম্পর্ক গঢ়ি তুলিছিল৷ মইনুদ্দিন আৰু ছামাদে দেশৰ বহু যুৱক–যুৱতীক আইছিছৰ সদস্য হিচাপে জড়িত কৰাই ভাৰতৰ বিভিন্ন ৰাজ্যত কূটাঘাতী কাণ্ড সংঘটিত কৰাৰ পৰিকল্পনাও চলাইছে৷

ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ৰ হাতত এই দুয়োটা সন্ত্রাসবাদীয়ে বর্তমান ভাৰতত প্রৱেশ কৰা বুলি তথ্য অহাৰ পিছতেই সৃষ্টি হৈছে আতংক৷

Comments (0)
Add Comment