নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহ অনুপ্ৰৱেশকাৰীঃ অধীৰ চৌধুৰী

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক অনুপ্ৰৱেশকাৰী আখ্যা দিলে কংগ্ৰেছৰ পৰিষদীয় দলৰ নেতা অধীৰ চৌধুৰীয়ে । দেওবাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি দুয়োকে অনুপ্ৰৱেশকাৰী আখ্যা দিলে কংগ্ৰেছ নেতাগৰাকীয়ে । তেওঁ উল্লেখ কৰে যে, ‘হিন্দুস্তান কাৰো পৈতৃক সম্পত্তি নহয় , এই দেশত সকলোৰে সমান অধিকাৰ আছে । গুজৰাটৰ পৰা দিল্লীলৈ অহা অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোডী দুয়োজনেই প্ৰৱাসী ।’

কিছুদিন পূৰ্বে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টোক লৈ সদনত শাসক-বিৰোধীৰ মাজত তীব্ৰ বাক-বিতণ্ডা অব্যাহত থকাৰ মাজতে দেওবাৰে কংগ্ৰেছ নেতাগৰাকীৰ এই ভাষ্যক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে ।

Featured