বনজুইত বিধ্বস্ত অষ্ট্রেলিয়াত বৃষ্টিপাত

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ বনজুই আৰু অনাবৃষ্টিৰ কবলত পৰা অষ্ট্রেলিয়াত মুষলধাৰ বৰষুণে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে কৃষকসকলৰ মাজলৈ৷ উল্লেখনীয় যে সুদীর্ঘ ২০ বছৰৰ ভিতৰত আজি প্রথমবাৰলৈ অষ্ট্রেলিয়াত আটাইতকৈ বেছি বৰষুণ হোৱা বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে৷ অনাবৃষ্টিৰ বাবে ফাট মেলা শুকান জলাশয়বোৰত আজি বৃষ্টিপাতৰ পিছতে জমা হৈছে পানী৷ ইয়াৰ উপৰি দেশখনৰ পূব উপকূলৰ বনজুইত বিধ্বস্ত হোৱা বহু অঞ্চল এই বৃষ্টিপাতে প্রথমবাৰলৈ জীপাল কৰি তুলিছে৷ মুষলধাৰ বৰষুণৰ মাজতে আজি দেশখনৰ বিভিন্ন চহৰত আনন্দ উৎসৱ উদ্যাপন কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক৷ এই বৃষ্টিপাতে এতিয়া অষ্ট্রেলিয়াত বিধ্বংসী বনজুইৰ অৱসান ঘটাব বুলিও বিভিন্ন মহলে আশা প্রকাশ কৰিছে৷

Comments (0)
Add Comment