বিজেপিৰ পৰৱৰ্তী সভাপতি ৰূপে নিৰ্বাচিত জে পি নাড্ডা

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ সোমবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি ৰূপে বিনা প্ৰতিদ্বন্দিতাৰে জয়যুক্ত হয় জগত প্ৰকাশ নাড্ডা । সোমবাৰে অমিত শ্বাহৰ পাচত বিজেপিৰ পৰৱৰ্তী সভাপতিৰ নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া আছিল । পূৰ্বৰে পৰা পৰৱৰ্তী সভাপতি ৰূপে জগত প্ৰকাশ নাড্ডাৰ নাম উচ্চাৰিত হৈ অহাৰ পাচতেই সোমবাৰে বিনা প্ৰতিদ্বন্দিতাৰে জয়যুক্ত হয় নাড্ডা ।

ভাৰতীয় জনতা পাৰ্টীৰ নেতা অমিত শ্বাহ , ৰাজনাথ সিং আৰু নীতিন গাডকাৰীৰ লগতে বহু ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু নেতাৰ উপস্থিতি সোমবাৰে সম্পন্ন হৈছিল মনোনয়ন প্ৰক্ৰিয়া । সোমবাৰে বিয়লি নৱ নিৰ্বাচিত সভাপতি জে পি নাড্ডাক সম্বৰ্ধনা জনাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । হিমাচল প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপি বৰ্তমান কাৰ্যকৰী সভাপতি জে পি নাড্ডা পৰৱৰ্তী সভাপতি ৰূপে নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈ পৰিছে বিজেপি কৰ্মীসকল ।

Featured
Comments (0)
Add Comment