বিশ্বৰ ৩৩ নিযুত লোকৰ নাই খাদ্য নিৰাপত্তা

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ জলবায়ু পৰিৱর্তনৰ বিষয় লৈ বিশ্বজুৰি বিভিন্ন পর্যায়ত সজাগতা অভিযান চলি আছে যদিও কোনো এখন দেশৰ চৰকাৰে এই বিষয়টোৰ মোকাবিলা কৰাৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰা নাই ৷ শেহতীয়াকৈ ইউৰোপীয় ৰাষ্ট্র স্পেইনৰ ৰাজধানী মাদ্রিদত আৰম্ভ হৈছে জলবায়ু সন্মিলন ৷ দুসপ্তাহৰ বাবে জলবায়ু পৰিৱর্তনৰ বিষয় লৈ চলিবলগীয়া এই সন্মিলনত ৰাজনৈতিক নেতাসকলৰ উপৰি কূটনীতিকসকলে অংশগ্রহণ কৰিব ৷ ইয়াৰ উপৰি জলবায়ু পৰিৱর্তন সন্দর্ভত সজাগ বিভিন্ন সংগঠনৰ প্রতিনিধিয়ে নিজৰ মতামত আগবঢ়াব ৷ উল্লেখনীয় যে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে এই সন্মিলনক লৈ আশা প্রকাশ কৰিছে যদিও ‘ছেভ দ্য চিলড্রেন’ নামৰ সংস্থাটোৱে সোমবাৰে প্রকাশ কৰিছে চাঞ্চল্যকৰ তথ্য ৷ সংস্থাটোৰ মতে, জলবায়ু পৰিৱর্তনৰ ফলত আফ্রিকাত কেইবা নিযুত শিশু ক্ষুধা আৰু অনাহাৰৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ দাতব্য এই সংস্থাটোৰ মতে জলবায়ু পৰিৱর্তনৰ প্রভাৱত উৎপত্তি হোৱা সামুদ্রিক ধুমুহা তথা অনাবৃষ্টিয়ে ৩৩ নিযুত লোকৰ জীৱনলৈ নমাই আনিছে সংকট ৷ এই লোকসকল খাদ্যৰ নিৰাপত্তাহীনতাত ভুগিছে বুলিও সংস্থাটোৱে সদৰী কৰিছে ৷ শেহতীয়াকৈ মাদ্রিদৰ সন্মিলনত এই বিষয়বোৰে গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে ৷ স্মর্তব্য যে চি’পি২৫ শীর্ষক এই সন্মিলন পূর্বে চিলিত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিক্ষোভত উত্তপ্ত চিলিয়ে ইয়াৰ আয়োজন কৰিবলৈ অস্বীকাৰ কৰে ৷

Featured