বেংগালুৰু বিমান বন্দৰত বনৰীয়া গাহৰিৰ দাঁত জব্দ

নিউজডেস্ক, ২৬ ডিচেম্বৰঃ কেন্দ্ৰীয় উদ্যোগীক সুৰক্ষা বাহিনী চমুকৈ চিআইএছএফে বৃহস্পতিবাৰে বেংগালুৰু বিমান বন্দৰত ৩ টাকৈ বনৰীয়া গাহৰিৰ দাঁতৰ সৈতে এজন বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে বুধবাৰে আবেলি এক্স-ৰে বেগেজ ইনস্পেক্সন চিষ্টেম মেচিনৰ দ্বাৰা প্ৰাক-সুৰক্ষাৰ সময়তে দাঁত কেইটা ধৰা পৰিছিল ।

ধৃত লোকজন কম্বোডিয়ান নাগৰিক ছোফিপ চান বুলি জনা গৈছে । অভিযুক্তজনক গ্রেপ্তাৰ কৰাৰ সময়ত তেওঁ বেংগালুৰুৰ পৰা বাৰাণসীলৈ যোৱাৰ চেষ্টা চলাইছিল ।

ইপিনে অভিযুক্ত লোকজনক বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Comments (0)
Add Comment