ব্রাহ্মোছ ছুপাৰছ’নিক ক্ষেপণাস্ত্রৰ পৰীক্ষা ভাৰতৰ

নিউজডেস্ক, ১৮ ডিচেম্বৰঃ ভাৰতে মঙলবাৰে পৃষ্ঠভূমিৰ পৰা পৃষ্ঠভূমিলৈ নিক্ষেপ কৰিব পৰা ছুপাৰছ’নিক ক্রুইজ ক্ষেপণাস্ত্র ব্রাহ্মোছৰ সফল পৰীক্ষা সম্পন্ন কৰিছে ৷

প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’)ৰ সূত্রই সংবাদ মাধ্যমক জনাইছে এই তথ্য ৷

ওড়িশাৰ চান্দিপুৰ ঘাটিৰ পৰা ক্ষেপণাস্ত্রটোৰ সফল পৰীক্ষা সম্পন্ন হোৱা বুলি ডিআৰডি’ৰ তৰফৰ পৰা ঘোষণা কৰাৰ উপৰি এই ক্ষেপণাস্ত্রই সেনাক অধিক শক্তি প্রদান কৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে ৷

মঙলবাৰে পুৱা ৮.৩০ বজাত ইণ্টিগ্রেটেড টেষ্ট ৰেঞ্জৰ লান্সাৰ কমপ্লেক্স–৩ৰ পৰা এই ক্ষেপণাস্ত্রটোৰ পৰীক্ষা চলোৱা হয় ৷

উল্লেখনীয় যে ভাৰতে ইতিমধ্যে ব্রাহ্মোছ ক্ষেপণাস্ত্রৰ পৰীক্ষা সম্পন্ন কৰিছে ৷ কিন্তু কালি পৰীক্ষা চলোৱা এই ক্ষেপণাস্ত্রটো ছাব্মেৰিণ, ৰণতৰী, যুদ্ধ বিমান বা স্থলভাগৰ পৰা শত্রুপক্ষলৈ লক্ষ্য কৰি নিক্ষেপ কৰিব পৰা যাব বুলি স্পষ্ট কৰি দিছে ডিআৰডি’ৰ বিষয়াই ৷

নিঃসন্দেহে ভাৰতীয় প্রতিৰক্ষা বিভাগৰ বাবে এয়া এক বৃহৎ সফলতা ৷

Comments (0)
Add Comment