যুদ্ধবিধ্বস্ত য়েমেনত নজিৰবিহীন মানৱীয় সংকট

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ ভয়াৱহ মানৱীয় সংকটৰ সন্মুখীন হৈছে যুদ্ধবিধ্বস্ত য়েমেনৰ কেইবা নিযুত লোক৷ এই সংকটৰ বাবে বিশ্বত মানৱীয় জৰুৰী অৱস্থা ঘোষণা কৰাৰ এক প্রক্রিয়া চলিছে৷ কেইবা নিযুত য়েমেনী লোকক ৰক্ষা কৰাৰ বাবেই বিভিন্ন দাতব্য সংস্থা আৰু বিশ্বৰ কেইবাটাও সাহায্য গোটে অহা বৃহস্পতিবাৰে বেলজিয়ামৰ ৰাজধানী ব্রুছেলছত মিলিত হ’ব৷ য়েমেনৰ উত্তৰ প্রান্তত হুঠি বিদ্রোহীয়ে মানৱীয় সাহায্য প্রদানৰ ক্ষেত্রত যি বাধাৰ সৃষ্টি কৰিছে তাক লৈ দাতব্য তথা সাহায্য সংস্থাসমূহে আলোচনা কৰিব৷ হুঠি বিদ্রোহীৰ বাধাক অতিক্রম কৰি য়েমেনত দুর্গত লোকসকলক কেনেদৰে প্রয়োজনীয় সাহায্য প্রদান কৰিব পৰা যায় তাক লৈ পথৰ সন্ধান কৰিব দাতব্য সংস্থাসমূহে৷ স্মর্তব্য যে বিশ্বৰ ভিতৰতে য়েমেনত এতিয়া আটাইতকৈ ভয়াৱহ দুর্ভিক্ষ চলা বুলি বিশেষজ্ঞসকলে সতর্কবাণী কৰি আহিছে৷

Comments (0)
Add Comment