লোকসভাত পিঁয়াজক লৈ উত্তপ্ত

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ পিঁয়াজৰ বৰ্ধিত মূল্যক লৈ উত্তপ্ত লোকসভা। আজি লোকসভাত পিঁয়াজৰ মূল্যক লৈ বিৰোধীপক্ষই শাসক পক্ষক তীব্ৰ আক্ৰমণ কৰে।

লোকসভাত কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জীৰ চৌধুৰীয়ে কয় যে বজাৰত জুই লাগিছে মহাশয়। প্ৰতিটো খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত লব পৰা নাই। ভাৰতৰ চৰকাৰে যি পিঁয়াজ ক্ৰয় কৰে সেই পিঁয়াজ বজাৰত ১৪০ টকা পৰ্যন্ত বিক্ৰী হৈছে। লগতে তেওঁ কয় যে সাধাৰণ মানুহে ১৪০ টকাত পিঁয়াজ কিনিব লগীয়া হৈছে, কিন্তু কৃষকে কোনো ধৰণৰ মূল্য পোৱা নাই। লগতে চৌধুৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম নোলোৱাকৈ আক্ৰমণ কৰি কয় প্ৰধানমন্ত্ৰীয়ে কয় না মই খাঁও না কাৰোবাক খাবলৈ দিম, মই নকওঁ যে প্ৰধানমন্ত্ৰীয়ে কিবা খাইছে, কিন্তু আমাৰ দেশৰ মধ্যভোগীয়ে সকলো খাই আছে।

ইয়াৰ উপৰিও আম আদমিৰ পাৰ্টিৰ সাংসদে সংসদৰ পৰিসৰত পিঁয়াজৰ মালা পিন্ধি মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰা দেখা যায়।