হায়দৰাবাদৰ পাছত ৰাজস্থানঃ ৬ বছৰীয়া শিশুক ধৰ্ষণ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ হায়দৰাবাদৰ পশু চিকিৎসকৰ ধৰ্ষণ কাণ্ডই দেশ জোকাৰি যোৱাৰ পাচতে আন এক ধৰ্ষণ কাণ্ড পোহৰলৈ আহে দেওবাৰে । ৰাজস্থানৰ টোংকৰ আলিবাগা থানা অঞ্চলৰ এটি ছবছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ পাচতেই এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত । যোৱা শনিবাৰে বিদ্যালয়লৈ গৈছিল প্ৰথম শ্ৰেণীত অধ্যয়নৰত শিশুটি । পিচে বিদ্যালয় ছুটী হোৱাৰ পাচতো ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে যদিও কোনো সম্ভেদ লাভ নকৰে শিশুটিৰ । অৱশেষত দেওবাৰে পোৱা ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰে শিশুটি ।
বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ অনুসন্ধান অব্যাহত ৰাখিছে । আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে প্ৰথমে শিশুটিক ধৰ্ষণ কৰাৰ পাচত হত্যা কৰি পেলাই থৈ যোৱা হৈছে । অৱশ্যে এই কাণ্ডৰ লগত কোন জড়িত সেই সম্বন্ধে বৰ্তমানলৈকে কোনো ধৰণৰ তথ্য দাঙি ধৰা নাই আৰক্ষীয়ে ।
Featured