১৪ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে ল’ব সিদ্ধান্ত

বিদ্যালয়-বিশ্ববিদ্যালয় মুকলি সন্দৰ্ভত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ মহামাৰী সংক্ৰমণৰ পাছত আহ্বান জনোৱা ২১ দিনীয়া লকডাউনৰ ফলত ভাৰতৰ শিক্ষানুষ্ঠানসমূহো বন্ধ ঘোষণা কৰিছিল কেন্দ্ৰই। লকডাউনৰ আগৰে পৰা ভাৰতৰ বিভিন্ন ৰাজ্যত সম্পূৰ্ণ আৰু আংশিকৰূপে বন্ধ হৈ পৰিছিল শিক্ষানুষ্ঠান সমূহ। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়কৈ ধৰি অন্যান্য সকলো শিক্ষানুষ্ঠানৰ নিয়মীয়া পাঠদান ব্যাহত হোৱাৰ লগতে সকলো পৰীক্ষা পিছুওৱা হৈছিল। অহা ১৪ এপ্ৰলিত দেশৰ ২১ দিনীয়া লকডাউন সম্পূৰ্ণ হ’ব যদিও ক’ৰোনা মহামাৰীৰ বাবে কেতিয়ালৈকে শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি কৰা হ’ব এই বিষয়ে ছাত্ৰ-ছাত্ৰী অভিভাৱকসকলৰ মাজত চিন্তাৰ উদ্ৰেক হৈছে। ইয়াৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী তথা মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে অহা ১৪ এপ্ৰিলত দেশৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ পুনৰ আৰম্ভ কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব । মহামাৰী ক’ৰোনা ভাইৰাছৰ পৰা যাতেকোটি কোটি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক সুৰক্ষা দিব পাৰি, সেই বিষয়টোও চৰকাৰে দৃষ্টিত ৰাখিছে। এই মুহূৰ্তত এটা সিদ্ধান্ত লোৱাটো কঠিন। আমি ১৪ এপ্ৰিলত পৰিস্থিতি সন্দৰ্ভত পুনৰ বিবেচনা কৰিম আৰু তাৰ ওপৰতহে সকলো কথা নিৰ্ভৰ কৰিব। মন্ত্ৰী জনে জনোৱা মতে অহা ১৪ এপ্ৰিলতহে দেশৰ শিক্ষানুষ্ঠান সমূহ পুনৰ খোলা হ’ব নে কিছুদিনলৈ বন্ধ ৰখা হ’ব সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব। উল্লেখ্য যে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে ইতিমধ্যে শিক্ষানুষ্ঠানসমূহৰ ৰৈ যোৱা পাঠ্যক্ৰম অনলাইনযোগে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰতি আহ্বান জনাইছে। প্ৰণিধানযোগ্য যে ভাৰতত বৰ্তমান প্ৰায় ৩৪ কোটি ছাত্ৰ-ছাত্ৰী আছে। এই সংখ্যা আমেৰিকাৰ মুঠ জনসংখ্যাতকৈও অধিক। শিক্ষাৰ্থীসকল বৰ্তমান অত্যন্ত চাপত আছে। কিন্তু চৰকাৰে তেওঁলোকৰ সুৰক্ষাৰ দিশটোতো গুৰুত্ব দিব লাগিব বুলি মন্ত্ৰী পোখৰিয়ালে কয়।

Comments (0)
Add Comment