২১ দিনতে ধর্ষণকাৰীয়ে পাব শাস্তিঃ অন্ধ্রৰ বিধানসভাত গৃহীত ‘দিশা আইন–২০১৯’

নিয়মীয়া বাৰ্তা,১৪ ডিচেম্বৰঃ অন্ধ্রপ্রদেশ বিধানসভাই শুকুৰবাৰে গৃহীত কৰে ‘দিশা আইন–২০১৯’ ৷ এই আইনৰ জৰিয়তে মহিলা আৰু শিশুৰ বিৰুদ্ধে কৰা ঘৃণনীয় অপৰাধৰ বিৰুদ্ধে অপৰাধীয়ে ২১ দিনৰ ভিতৰতে ভুগিব লাগিব শাস্তি ৷ হায়দৰাবাদত মহিলা চিকিৎসকগৰাকীৰ ধর্ষণ আৰু নৃশংস হত্যাৰ পিছত মহিলাৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্রী ৱাই এছ জগনমোহন ৰেড্ডীৰ সভাপতিত্বত কেবিনেটত বিধেয়কখন অনুমোদিত হয় ৷ তাৰ পিছতে বিধানসভাত গৃহীত হয় ‘দিশা আইন–২০১৯’ ৷ উল্লেখ্য যে হায়দৰাবাদ ধর্ষণ গোচৰৰ নিপীড়িতা দিশাৰ নামেৰে এই আইনৰ নাম ৰখা হৈছে ৷ আৰক্ষীয়ে ধর্ষিতাগৰাকীৰ পৰিচয় গোপনে ৰখাৰ বাবে নাম দিছিল ‘দিশা’ ৷

Featured
Comments (0)
Add Comment