ৰাম মন্দিৰলৈ মহাবীৰ মন্দিৰ ন্যাসৰ ১০ কোটি বৰঙণি

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ বিহাৰৰ পাটনাত মহাবীৰ মন্দিৰ ন্যাসে অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ বাবে ১০ কোটি টকা আগবঢ়াব৷ মহাবীৰ মন্দিৰ ন্যাসৰ সম্পাদক কিশোৰ কুনালে ইতিমধ্যে ন্যাসৰ হৈ অযোধ্যাৰ বাবে দুই কোটি টকাৰ প্রথমখন চেক লৈছে৷ কালি ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসলৈ মহাবীৰ মন্দিৰ ন্যাসে ১০ কোটি টকা আগবঢ়াব বুলি ঘোষণা কৰাৰ লগে লগে ইয়াক আদৰণি জনাইছে বিভিন্ন হিন্দু সংগঠনে৷ প্রাক্তন আইপিএছ বিষয়া কিশোৰ কুনালে মহাবীৰ মন্দিৰ ন্যাসৰ হৈ প্রথমখন চেক লৈ ইয়াক অযোধ্যা মন্দিৰ ন্যাসৰ হাতত অর্পণ কৰাৰ বাবে জিলা দণ্ডাধীশ অনুজ ঝাৰ পৰা সময় বিচাৰে৷ স্মর্তব্য যে ৰাম জন্মভূমি তীর্থক্ষেত্রৰ ন্যাসৰক্ষী কামেশ্বৰ চাওপলে জি নিউজৰে হোৱা এক সাক্ষাৎকাৰত অলপতে প্রত্যাশিত ৰাম মন্দিৰ ২০২২ চনৰ ভিতৰত সম্পূর্ণ হৈ উঠাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব৷

Comments (0)
Add Comment