অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূর্তি উন্মোচন কৰিব প্রধানমন্ত্রী মোদীয়ে

নিউজডেস্ক, ২৪ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বুধবাৰে লক্ষ্ণৌৰ লোকভৱনত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ এটা প্ৰতিমূর্তি উন্মোচন কৰিব।

এই অনুষ্ঠানটি ভাৰতীয় জনতা পার্টিৰ (বিজেপি) সহ-প্রতিষ্ঠাতা অটল বিহাৰী বাজপেয়ীৰ জন্মবার্ষিকী উপলক্ষে আয়োজন কৰা হৈছে ।

ইতিমধ্যে অনুষ্ঠানটোৰ সকলো প্রস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । ইপিনে মঙলবাৰে উত্তৰ প্ৰদেশ চৰকাৰৰ এক প্ৰতিনিধি দলে অনুষ্ঠানথলীৰ পৰিদর্শন কৰিব।

উল্লেখ্য যে স্নিফাৰ ড’গ আৰু বোমা বিশেষজ্ঞ দলৰ দ্বাৰা এই স্থান পৰীক্ষণ কৰা হৈছে । এই অনুষ্ঠানটোত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যপাল আনন্দি ৱেন পেটেলৰ উপৰি ৰাজ্যখনৰ মন্ত্ৰী-নেতাসকল উপস্থিত থাকিব ।

FeaturedPM MODI
Comments (0)
Add Comment