অত্যাধুনিক ৰাফেল-তেজাছ, বিধ্বংসী ক্ষেপনাস্ত্ৰ, টেংকাৰৰ প্ৰদৰ্শনেৰে মুখৰিত দিল্লীৰ ৰাজপথ…

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আজি সমগ্ৰ দেশে পালন কৰিছে ৭১ সংখ্যক গণৰাজ্য দিৱস । এই উপলক্ষে ৰাজধানী দিল্লীৰ ৰাজপথত পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় পেৰেড ।

আজিৰ এই পেৰেডত প্ৰথমবাৰৰ বাবে আপাচি হেলিকপ্টাৰ প্ৰদৰ্শন কৰা হয় ।

ইপিনে ভাৰতীয় বায়ুসেনাই আজি প্ৰদৰ্শন কৰে ভাৰতীয় বায়ুসেনাক ন কৈ সংযোজন হোৱা ৰীফেল যুদ্ধবিমান, যুদ্ধবিমান তেজাছ, লগতে বায়ুসেনাৰ আন ৪১ খন বিমান আৰু ৪ খন হেলিকপ্টাৰ ।

ইয়াৰোপৰি অত্যাধুনিক ৫ খনকৈ জাগুৱেৰ যুদ্ধ বিমানে ঘণ্টাত ৭৮০ কিলোমিটাৰ গতিত উৰে। এই জাগুৱেৰ কেইখনৰ নেতৃত্ব দিয়ে গ্ৰুপ কেপ্টেইন পাৰিজাত সৌৰভে ।

ইফালে ভাৰতীয় বায়ুসেনাৰ ছুখয়-৩০ এম কে আই যুদ্ধ বিমানৰ দ্বাৰা ‘ত্রিশুল’ আকৃতিৰ যুদ্ধভ্যাস প্ৰদৰ্শন কৰা হয় । এই দলটোৰ নেতৃত্ব দিয়ে গ্ৰুপ কেপ্টেইন নিছিত ওহৰিয়ে। লগতে এই ঘণ্টাত ছুখয়-৩০ এম কে আই যুদ্ধ বিমানখনে ৯০০ কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত উৰে।

উল্লেখ্য যে ছুখয়-৩০ এম কে আই যুদ্ধ বিমানৰ প্ৰদৰ্শনেৰে অন্ত পৰে আজিৰ গণৰাজ্য দিৱসৰ বায়ুসেনাৰ পেৰেড ।

আনহাতে ৰাজপথত প্ৰদৰ্শিত হয় বিধ্বংসী ক্ষেপণাস্ত্ৰ, সেনাৰ টেংক টি-৯০ ভীষ্ম টেংক, কে ৯ বজ্ৰ ।

Featuredগণৰাজ্য দিৱস
Comments (0)
Add Comment