অথঃ মধ্যাহ্ন ভোজন সংবাদ : ৩০ লিটাৰ পানীত ১ লিটাৰ গাখীৰ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ ৩০ লিটাৰ পানীত এইবাৰ ১ লিটাৰ গাখীৰ মিহলাই খুওৱা হ’ল কণ কণ শিক্ষাৰ্থীক । এই আজৱ কাণ্ড সংঘটিত হ’ব পাৰে কেৱল ভাৰতবৰ্ষতহে । কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত শিশুৰ পুষ্টিকৰ খাদ্যৰ নামত তেনে এক আজৱ কাণ্ড দেখিবলৈ পোৱা গ’ল উত্তৰ প্ৰদেশত । ৰাজ্যখনৰ সোণভদ্ৰা জিলাৰ এখন চৰকাৰী বিদ্যালয়ত ৰান্ধনীয়ে এটা প্ৰকাণ্ড এলুমিনিয়ামৰ বাচনত প্ৰায় ৩০ লিটাৰ পানী সিদ্ধ কৰি এক লিটাৰ গাখীৰ মিহলাই খুৱালে ৮১ টা কণ কণ ছাত্ৰ-ছাত্ৰীক । পুষ্টিকৰ খাদ্য প্ৰদানৰ নামত উত্তৰ প্ৰদেশত সংঘটিত এই কাণ্ডৰ এটা ভিডিঅ’ ভাইৰেল হোৱাত সমগ্ৰ ৰাজ্যখনতে হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় । স্থানীয় গাঁও পঞ্চায়তৰ এজন সদস্যই গ্ৰহণ কৰা এই ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে বিদ্যালয়ৰখনৰ ৰান্ধনীগৰাকীয়ে এলুমিনিয়ামৰ বাচনটোত প্ৰায় ৩০ লিটাৰ পানী সিদ্ধ কৰি পাছত এক লিটাৰৰ এটা পাউদাৰ গাখীৰৰ পেকেট মিহলাই পৰিৱেশন কৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক । প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শাৰী পাতি হাতত এটাকৈ ষ্টীলৰ গিলাচ লৈ ৰান্ধনীৰ কাষত থিয় হয় আৰু ৰান্ধনীগৰাকীয়ে আধা গিলাচকৈ পানী মিহলি গাখীৰ তেওঁলোকক খাবলৈ দিয়ে । উল্লেখ্য যে, সোণভদ্ৰা উত্তৰপ্ৰদেশৰ এখন অন্যতম অনুন্নত জিলা । দুখীয়া পৰিয়ালৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ এই মধ্যাহ্ন ভোজন যোজনাৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় । ইতিমধ্যে শিশুৰ পুষ্টিকৰ খাদ্যৰ নামত সংঘটিত এই অনিয়মৰ ভিডিঅ’ ভাইৰেল হৈ যোৱাৰ পিচতে ৰাজ্যৰ শিক্ষা বিভাগত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু সোণভদ্ৰা জিলা দণ্ডাধীশে জনোৱা মতে বিদ্যালয়খনৰ এজন ঠিকাভিত্তিক শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে গাখীৰৰ নাটনিৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক নজনোৱাৰ বাবে নিলম্বন কৰা হয় আন এজন শিক্ষকক । মধ্যাহ্ন ভোজনৰ লগত এগিলাচকৈ গাখীৰৰ পৰিৱৰ্তে আধা গিলাচ এনে পানী মিহলি গাখীৰ খুৱাইয়ে পুষ্টিকৰ খাদ্য যোগান ধৰা বুলি প্ৰচাৰ চলাই আহিছে শিক্ষা বিভাগে । উল্লেখ্য যে, আদিত্যনাথ চৰকাৰৰ আমোলত উত্তৰ প্ৰদেশত মধ্যাহ্ন ভোজনৰ নামত দেশৰ ভিতৰতে সংঘটিত হৈছে সৰ্বাধিক দুৰ্নীতি আৰু অনিয়ম । যোৱা সপ্তাহত লোকসভাৰ মজিয়াত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পখৰিয়াল নিশাংকে জনোৱা মতে, মধ্যাহ্ন ভোজনৰ নামত সৰ্বাধিক অভিযোগ উত্তৰ প্ৰদেশৰ পৰাই আহে । দেশত সংঘটিত এনে ৫২ টা গোচৰৰ ১৪ টাই উত্তৰ প্ৰদেশৰ ।

Featured