অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ বাবে ৮৫,০০০ কোটি টকা

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে শনিবাৰে দাখিল কৰে ২০২০-২১ বৰ্ষৰ কেন্দ্ৰীয় বাজেট । এই বিত্তীয় বাজেটত ২০২০-২১ বৰ্ষৰ বাবে অনুসূচীত জাতি আৰু পিছপৰা শ্ৰেণীৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ৮৫,০০০ কোটি টকা । বৰ্তমানেও বহু পৰিমাণে পিছপৰি থকা অনুসূচীত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণৰ বাবে এই টকা ধাৰ্ষ কৰা হৈছে বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।

ইফালে, অনুসূচীত জনজাতিৰ উন্নয়নৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ৫৩,৭০০ কোটি টকা । শনিবাৰে কেন্দ্ৰীয় কেবিনেট আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুমোদনৰ পাচতেই দাখিলৰ কৰা হয় ২০২০-২১ বৰ্ষৰ এই বাজেট ।

Featured
Comments (0)
Add Comment