অমিত শ্বাহৰ পিছত কোন হ’ব সভাপতি ? দিল্লীত উপস্থিত ৰথী-মহাৰথী

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ সোমবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ, ৰাজনাথ সিং আৰু নীতিন গাডকাৰী ।

এইসকল ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ লগতে দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয় দীনদয়াল উপাধ্যায় মাৰ্গত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ শাৱন্তৰ লগতে বহু নেতা ।

ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ সূত্ৰ অনুসৰি বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি ৰূপে নিৰ্বাচিত কৰা হ’ব বৰ্তমানৰ কাৰ্যকৰী সভাপতি জেপি নাড্ডাক । হিমাচল প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই বিগত বৰ্ষৰ পৰা বিজেপি কাৰ্যকৰী সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি আহিছে । কোনো প্ৰতিদ্বন্দী অবিহনে নাড্ডাক নিৰ্বাচিত কৰা হ’ব বুলি উল্লেখ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ সূত্ৰই । ইতিমধ্যে সভাপতি পদৰ নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন দাখিল কৰিছে জগত প্ৰকাশ নাড্ডাই ।

উল্লেখ্য যে, সভাপতি পদৰ এই নিৰ্বাচন সন্দৰ্ভত বিজেপি নেতা দুষ্যন্ত গৌতমে জনায় যে, যদি এখনেই মনোনয়ন দাখিল হয় তেন্তে আজিয়েই ঘোষিত হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতিৰ নাম । যদিহে দুখন মনোনয়ন দাখিল হয় তেন্তে কাইলৈহে সম্পন্ন হ’ব এই নিৰ্বাচন ।

Featured
Comments (0)
Add Comment