অযোধ্যা বিবাদঃ ডিচেম্বৰৰ প্ৰথম সপ্তাহত পুনৰীক্ষণ আবেদন

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ অযোধ্যা বিবাদৰ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ বিপক্ষে পুনৰ বিচাৰ আবেদন মুছলিম পাৰছনেল ল’ ব’ৰ্ডে ডিচেম্বৰ মাহৰ প্ৰথম মাহত দাখিল কৰিব। পাৰছনেল ল’ ব’ৰ্ডে টুইটৰ যোগেদি জানিবলৈ দিছে।

ব’ৰ্ডৰ সচিবৰ লগতে বিশিষ্ট অধিবক্তা জফৰয়াব জিলানীয়ে কয় যে চুন্নী ৱাৰ্কফ ব’ৰ্ডে পুনৰ বিচাৰ আবেদন নকৰিলেও কোনো ধৰণৰ প্ৰভাৱ নপৰে। লগতে তেওঁ মন্তব্য কৰে যে সকলো মুছলিম সংগঠন পুনৰ বিচাৰ আবেদন কৰাৰ লগত একমত। তেওঁ চুন্নী ৱাৰ্কফ ব’ৰ্ডৰ বিষয়ে একো মন্তব্য নকৰো বুলি উল্লেখ কৰে।

Featured