অসমৰ হিংসাত্মক ঘটনাৰ আঁৰত কংগ্ৰেছঃ প্ৰধানমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইনক কেন্দ্ৰ কৰি অসম, উত্তৰ-পূব আৰু পশ্চিমবংগকে ধৰি ভাৰতৰ বিভিন্ন স্থানত হোৱা তীব্ৰ প্ৰতিবাদ সত্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিতৰ্কিত আইনখনক লৈ দৃঢ় স্থিতিত অটল আছে ৷

তেওঁ দেওবাৰে ঝাৰখণ্ডৰ ডুমকাত এখন নির্বাচনী প্রচাৰ সভাত অংশ লৈ কয় যে এই আইনৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত থকা সংখ্যালঘু লোকসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰি দীর্ঘদিনীয়া বঞ্চনাৰ পৰা মুক্ত হ’ব ৷ অসমকে ধৰি দেশৰ বিভিন্ন অঞ্চলত ‘কা’ৰ বিৰুদ্ধে হিংসাত্মক প্রতিবাদ হ’লেও চৰকাৰৰ এই সিদ্ধান্ত এহাজাৰ শতাংশ শুদ্ধ বুলি মন্তব্য কৰে প্রধানমন্ত্রী মোদীয়ে ৷

‘কা’ৰ সমর্থনত প্রধানমন্ত্রী মোদীয়ে কয়– ‘আমাৰ সংসদে নাগৰিকত্ব আইন সম্পর্কত উল্লেখযোগ্য পৰিৱর্তন আনি পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত দীর্ঘদিনে দুর্বিষহ জীৱন যাপন কৰা ধর্মীয় সংখ্যালঘু লোকসকলক উপকৃত কৰিছে ৷ আমাৰ সিদ্ধান্ত এহাজাৰ শতাংশ শুদ্ধ আৰু কংগ্রেছে কৰা কার্যৰ পৰা এয়া প্রমাণ হৈছে যে সংসদত গ্রহণ কৰা সিদ্ধান্ত আছিল সঠিক ৷’ প্রধানমন্ত্রী মোদীয়ে অসম, উত্তৰ–পূবৰ আনকেইখন ৰাজ্য আৰু দেশৰ বিভিন্ন স্থানত নাগৰিকত্ব সংশোধনী আইনক কেন্দ্র কৰি সংঘটিত হিংসাত্মক ঘটনাৰ বাবে কংগ্রেছ আৰু তেওঁলোকৰ সহযোগী দলসমূহক দায়ী কৰিছে ৷

প্রধানমন্ত্রীয়ে অভিযোগ আনি কয় যে কংগ্রেছ আৰু আন কেইটামান দলে বিজেপিৰ বিৰুদ্ধে সংসদত পৰাস্ত হৈ দেশৰ বিভিন্ন স্থানত অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে ৷ তেওঁ তাৎপর্যপূর্ণভাৱে কয় যে যিসকলে হিংসাত্মক ঘটনা সৃষ্টি কৰিছে, তেওঁলোকক তেওঁলোকৰ পোছাকৰ জৰিয়তেই চিনাক্ত কৰিব পাৰি ৷ ইফালে লণ্ডনত ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ৰ সন্মুখত ‘কা’ৰ বিপক্ষে চলোৱা প্রতিবাদৰ আঁৰতো কংগ্রেছ থকা বুলি অভিযোগ কৰি কয় যে পাকিস্তানে যি কৰিছিল, সেয়া এতিয়া কংগ্রেছে কৰিছে ৷

Featured
Comments (0)
Add Comment